Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যাত্ৰা 14:19

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ঈশ্বৰৰ যি দূত ইস্ৰায়েলী লোকসকলৰ আগে আগে গৈছিল, তেওঁ তেওঁলোকৰ আগৰ পৰা আঁতৰি পাছফাললৈ গ’ল। মেঘ-স্তম্ভ তেওঁলোকৰ আগৰ পৰা আঁতৰি গৈ তেওঁলোকৰ পাছফালে স্থিৰ হ’ল।

অধ্যায়টো চাওক কপি কৰক

14 পৰস্পৰ সংযোগসমূহ  

মোচি আৰু হাৰোণৰ হতুৱাই মেৰ-ছাগৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা।

তেওঁ তেওঁলোকক নিৰাপদে, কোনো ভয় নথকাকৈ চলাই আনিলে; কিন্তু সাগৰে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে।

মেঘ-স্তম্ভ মিচৰীয়া সৈন্য সকল আৰু ইস্ৰায়েলী লোকসকলৰ তম্বুৰ মাজলৈ আহিল। সেয়ে মিচৰীয়া লোকসকলৰ বাবে অন্ধকাৰময় মেঘ হ’ল, কিন্তু ইস্রায়েলী লোকসকলৰ বাবে ৰাতি পোহৰ দিওঁতা হ’ল। তাতে ওৰে ৰাতি ইদলে সিদলৰ ওচৰ চাপিব নোৱাৰিলে।

কিন্তু দোকমোকালীতে যিহোৱাই অগ্নিস্তম্ভ আৰু মেঘ-স্তম্ভৰ মাজৰ পৰা মিচৰীয়া সৈন্য সকললৈ চাই, মিচৰীয়া সৈন্য সকলক ব্যাকুল কৰিলে।

এতেকে এতিয়া যোৱা, মই যি দেশৰ বিষয়ে তোমাক কৈছিলোঁ, সেই দেশলৈকে লোকসকলক লৈ যোৱা। চোৱা, মোৰ দূত তোমাৰ আগে আগে যাব; কিন্তু যি দিনা তেওঁলোকে দণ্ড পাব লাগে; সেই দিনা তেওঁলোকৰ পাপৰ দণ্ড মই দিম।”

কাৰণ তোমালোক বেগাবেগিকৈ ওলাই যাব লগা নহব, নাইবা আতঙ্ককত এৰি যাব লগা নহব; কাৰণ যিহোৱা তোমালোকৰ আগে আগে যাব, আৰু ইস্ৰায়েলৰ ঈশ্বৰ তোমালোকৰ পাছত যাওঁতা হ’ব।

ইয়াকে কৰিলে, অৰুণোদয়ৰ দৰে তোমাৰ দীপ্তি প্রকাশ পাব, আৰু তোমাৰ আৰোগ্যতা শীঘ্ৰে দেখা যাব, তোমাৰ ধাৰ্মিকতা তোমাৰ আগত যাওঁতা, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ পাছত যাওঁতা হ’ব।

তেওঁলোকৰ সমস্ত দুখত তেওঁ দূখিত হৈছিল, আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল। তেওঁৰ প্ৰেম আৰু অনুগ্রহত তেওঁলোকক মুক্ত কৰিছিল, আৰু তেওঁ পূৰ্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল, আৰু দাঙি নিছিল।

যিহোৱাই এজন ভাববাদীৰ দ্বাৰাই মিচৰ দেশৰ পৰা ইস্ৰায়েলক আনিছিল; এজন ভাৱবাদীৰ দ্বাৰাই তেওঁ প্ৰতিপালিত হৈছিল।

কোনো এজনে তেওঁলোকৰ বাবে বাট ভাঙি উলিয়াবলৈ তেওঁলোকৰ আগে আগে যাব; তেওঁলোকে দুৱাৰ ভাঙিব; আৰু দুৱাৰৰ মাজেৰে বাহিৰ ওলাই যাব; তেওঁলোকৰ ৰজা তেওঁলোকৰ আগেয়ে ওলাই যাব, যিহোৱা তেওঁলোকৰ আগধৰোঁতা হ’ব।

সেইদিনা যিহোৱা যিৰূচালেম-নিবাসীসকলৰ ঢালস্বৰূপ হ’ব আৰু তেওঁলোকৰ মাজৰ দুৰ্ব্বল লোক সেইদিনা দায়ূদৰ সদৃশ হ’ব আৰু দায়ূদৰ বংশ ঈশ্বৰৰ সদৃশ, তেওঁলোকৰ আগে আগে যোৱা যিহোৱাৰ দূতৰেই সদৃশ হ’ব।

তেতিয়া আমি যিহোৱাৰ আগত কাতৰোক্তি কৰোঁতে, তেওঁ আমাৰ বাক্যলৈ কাণ দিলে, তেওঁ দূত পঠাই মিচৰৰ পৰা আমাক উলিয়াই আনিলে। আৰু এতিয়া চোৱা, আমি তোমাৰ দেশৰ সীমাত থকা কাদেচ নগৰত আছোঁ।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন