Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যাত্ৰা 10:19

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহোৱাই পশ্চিম ফালৰ পৰা অতি প্ৰবল বতাহ বোৱাই আনিলে; তাতে সেই বতাহে ফৰিংবোৰ উৰোৱাই নি চূফ সাগৰত পেলাই দিলে। সমগ্র মিচৰ দেশৰ কোনো অঞ্চলতে এটাও ফৰিং অৱশিষ্ট নাথাকিল।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

আবেলিৰ ছাঁৰ নিচিনাকৈ মই নোহোৱা হৈ গৈছো; কাকতি ফৰিঙৰ নিচিনাকৈ মোক উড়ুৱাই নিয়া হৈছে।

তেতিয়া মোচিয়ে ফৰৌণৰ ওচৰৰ পৰা বাহিৰলৈ গ’ল; আৰু যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।

কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইস্ৰায়েলৰ লোকসকলক যাবলৈ নিদিলে।

সেয়ে ঈশ্বৰে লোকসকলক মৰুভুমিৰ মাজেৰে চূফ সাগৰলৈকে লৈ গ’ল। ইস্ৰায়েলী লোক সকলে যুদ্ধৰ বাবে সুসজ্জিত হৈ মিচৰ দেশৰ পৰা ওলাই গ’ল।

তেওঁ ফৰৌণৰ ৰথ আৰু সৈন্য সমূহক সমুদ্ৰত পেলালে। ফৌৰণৰ মনোনীত সেনাপতিসকল চূফ সাগৰত ডুবিল।

মই তোমালোকৰ পৰা উত্তৰদেশীয় সৈন্য-সামন্তক দূৰ কৰিম, আৰু মই তাক শুকান আৰু ধ্বংস কৰা দেশলৈ খেদি দিম। তাৰ আগ-ভাগ পূৱ সাগৰত, আৰু তাৰ পাছ-ভাগ পশ্চিম সাগৰত পেলাই দিম; তাতে তাৰ গেলা গন্ধ ওলাব, দুৰ্গন্ধ উঠিব। কাৰণ সি মহৎ কাৰ্য কৰিলে।”

বিশ্বাসৰ দ্বাৰাই তেওঁলোকে, শুকান মাটিয়েদি যোৱাৰ দৰে, লোহিত সাগৰৰ মাজেদি যাত্ৰা কৰিলে; কিন্তু মিচৰ দেশৰ লোক সকলে আহিবলৈ চেষ্টা কৰোঁতে তেওঁলোকক গ্ৰাস কৰা হ’ল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন