তোমালোকে খাবা কিন্তু তৃপ্ত নহবা, তোমালোকৰ পেট খালীয়ে হৈ থাকিব; তোমালোকে বস্তুবোৰ গোটাবা কিন্তু ৰক্ষা কৰিব নোৱাৰিবা; আৰু তোমালোকে যি ৰক্ষা কৰিবা, তাক মই তৰোৱালক শোধাই দিম।
দক্ষিণ অঞ্চলৰ পশুবোৰ বিষয়ে কৰা ঘোষণা: মাইকী সিংহ আৰু সিংহ, কালসৰ্প আৰু জুইৰ দৰে উৰি ফুৰা সৰ্পৰ দ্বাৰা দেশত সঙ্কট আৰু ক্লেশ হৈছে, তেওঁলোকক সহায় নকৰা জনলৈ তেওঁলোকে গাধবোৰৰ পিঠিত ধন-সম্পত্তি, আৰু উটবোৰৰ কুঁজত বহুমুল্য বস্তু তুলি লৈ গৈছে।
প্ৰভু যিহোৱাই এই কথা কৈছে, “চোৱা, মোৰ দাসবোৰে ভোজন কৰিব, কিন্তু তোমালোক ভোকত থাকিবা; চোৱা, মোৰ দাসবোৰে পান কৰিব, কিন্তু তোমালোক পিয়াহত থাকিবা; চোৱা, মোৰ দাসবোৰে আনন্দ কৰিব, কিন্তু তোমালোকে লাজ পাবা;
তেওঁলোকে সোঁ হাতেৰে মাংস টুকুৰা কৰিব, তথাপিও ভোকত থাকিব; তেওঁলোকে বাঁও হাতেৰে মাংস ভোজন কৰিব, কিন্তু সন্তুষ্ট নহ’ব; তেওঁলোক প্ৰতিজনে নিজৰ বাহুৰ মাংস খাব।
“যি কোনোৱে সেই আপদৰ পৰা পলাব, তেওঁ সেই গাতত পৰিব আৰু যি কোনোৱে সেই গাতৰ পৰা উঠিব, তেওঁ সেই ফান্দত ধৰা পৰিব; কিয়নো যিহোৱাই কৈছে, মই তেওঁৰ ওপৰত, মোৱাবৰেই ওপৰত প্ৰতিফল দিয়াৰ বছৰ আনিম।”
তোমাৰ তিনি ভাগৰ এভাগ লোক তোমাৰ মাজত মহামাৰীত মৰিব আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; দ্বিতীয় ভাগ তোমাৰ চাৰিওফালে তৰোৱালত পতিত হ’ব; আৰু তৃতীয় ভাগ মই চাৰিওফালে বায়ুত উড়ুৱাই দিম আৰু ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।
তেওঁলোকে ভোজন কৰিব, কিন্তু তৃপ্ত নহ’ব, বেশ্যাকৰ্ম কৰিব, কিন্তু সংখ্যা বৃদ্ধি নহ’ব; কিয়নো তেওঁলোকে মূর্তিপূজা কৰি যিহোৱাক ত্যাগ কৰিলে।
মই তোমালোকৰ অন্ন ৰূপ লাখুটি ভঙা কালত দহজনী মহিলাই একেটা তন্দুৰত তোমালোকৰ পিঠা তাও দিব, আৰু তেওঁলোকে জোখ কৰি তোমালোকৰ পিঠা তোমালোকক দিব, আৰু তাক খাই তোমালোকৰ ভোক নপলাব।
তোমালোকে অধিক গুটি সিঁচিছিলা, কিন্তু অলপহে চপালা; তোমালোকে খোৱা, কিন্তু তোমালোকৰ যথেষ্ট পৰিমাণে নাথাকে; তোমালোকে পান কৰা, কিন্তু মতলীয়া নোহোৱা; তোমালোকে বস্ত্র পিন্ধা, কিন্তু তোমালোকে উম নোপোৱা; উপাৰ্জকে উপাৰ্জন কৰা ধন কেৱল বিন্ধা থকা মোনাত থ’বলৈ উপাৰ্জন কৰে!’
কোনো মানুহে যেতিয়াই শস্যৰ দ’মৰ পৰা বিশ জোখৰ শস্য ল’বলৈ আহে, তেতিয়া তাত কেৱল দহ জোখৰ শস্য মাথোন পায়, আৰু কোনো মানুহে যেতিয়া পঞ্চাশ কলহ দ্ৰাক্ষাৰস ল’বলৈ দ্ৰাক্ষাকুণ্ডলৈ আহে, তেতিয়া তাত কেৱল বিশ কলহহে পায়।