ইতিমধ্যে মোৰ লোকসকল শত্রুৰ দৰে হৈ উঠিছে; নিৰাপদে আছোঁ বুলি ভাবি যুদ্ধৰ পৰা ঘূৰি অহা সৈন্যসকলৰ দৰে, সন্দেহ নোহোৱা পথিকৰ পৰা তুমি পোচাক, আৰু বস্ত্র খুলি লৈছা;
আমি ইস্ৰায়েলৰ মাজত আটাইতকৈ শান্ত আৰু বিশ্বাসী নগৰ এখনৰ লোক সমূহ হওঁ৷ আপুনি ইস্ৰায়েলৰ মাতৃস্বৰূপ এখন নগৰ নষ্ট কৰিবলৈ চেষ্টা কৰিছে৷ আপুনি কিয় যিহোৱাৰ উত্তৰাধিকাৰ গ্ৰাস কৰিব বিচাৰিছে?”
মোৰ বন্ধুৱে নিজৰে সৈতে শান্তিৰে থকাসকলৰ বিৰুদ্ধে হাত উঠালে; তেওঁ নিজে কৰা নিয়মটি উলঙ্ঘন কৰিলে।
মনচিয়ে ইফ্ৰয়িমক, আৰু ইফ্ৰয়িমে মনচিক ধ্বংস কৰিব, আৰু দুয়ো একেলগে যিহূদাক আক্ৰমণ কৰিব। এই সকলোৰ কাৰণে যিহোৱাৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু দণ্ড দিবৰ বাবে তেওঁৰ হাত উদ্যত হৈ থাকিব।
মোৰ পক্ষে মোৰ আধিপত্য কাঠনিত থকা সিংহৰ দৰে হ’ল; সি মোৰ বিৰুদ্ধে গুজৰিছে, সেই কাৰণে মই তাক ঘিণ কৰিলোঁ।
তোমালোকৰ যিসকলে ভাল কৰ্ম ঘিণ কৰে, আৰু পাপক ভাল পায়, তেওঁলোকৰ তোমালোকে ছাল বখলিয়াবা, আৰু তেওঁলোকৰ হাড়ৰ পৰা মাংস এৰুৱাবা,
তোমালোকে মোৰ লোকসকলৰ মাংসও খোৱা, তোমালোকে মোৰ লোকসকলৰো ছাল বখলিওৱা, তেওঁলোকৰ হাড় ভাঙা, পাত্রৰ বাবে মাংস, আৰু কেৰাহীত দিয়া মাংসৰ দৰে, তোমালোকে তেওঁলোকক টুকুৰা টুকুৰ কৰা আৰু খোৱা।
পৃথিবীৰ পৰা ঈশ্বৰ বিশ্বাসী লোক উচ্ছন্ন হ’ল, লোকসকলৰ মাজত এজনো ন্যায়পৰায়ণ লোক অৱশিষ্ট নাই; তেওঁলোক সকলোৱে ৰক্তপাত কৰিবলৈ খাপ দি থাকে, প্ৰতিজন লোক আৰু তেওঁৰ ভায়েকসকলে জালেৰে আনকোনো এজন লোকক ধৰে।
অনিষ্ট কাৰ্য কৰিবলৈ তেওঁলোকৰ হাত পাৰ্গত; শাসনকৰ্তাই ধন খোজে, বিচাৰকৰ্তাই উৎকোচ ল’বলৈ প্রস্তুত থাকে, আৰু প্রভাৱশালী লোকে যি পাবলৈ ইচ্ছা কৰে, তাক আনৰ আগত কয়; সেয়ে তেওঁলোকে একেলগে পৰিকল্পনা কৰে।