সেই বাবে যিহোৱাৰ সমাজত চিঠি খেলৰ দ্বাৰাই অঞ্চল ভাগ কৰিবলৈ ধনী লোকসকলৰ কোনো বংশধৰ নাথাকিব।
এইদৰে যিহোৱাই তেওঁৰ সকলো দাস অর্থাৎ ভাববাদীসকলৰ যোগেদি দিয়া সাৱধান বাণী অনুসাৰে নিজৰ সন্মুখৰ পৰা ইস্রায়েলক দূৰ কৰিলে। এইকাৰণেই ইস্রায়েলৰ লোকসকলক তেওঁলোকৰ নিজৰ দেশৰ পৰা অচূৰ দেশলৈ নিয়া হ’ল। আজিলৈকে তেওঁলোক সেই ঠাইতে আছে।
তেওঁ ক’লে, “মই তোমাক কনান দেশ দিম, তোমাৰ স্বত্ব থকা আধিপত্য দিম।”
এওঁলোক তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দোন, আৰু ইম্মেৰৰ পৰা অহা লোক; কিন্তু তেওঁলোকে আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰিয়াল সকলে ইস্ৰায়েলৰ পৰা অহা বংশধৰ বুলি প্ৰমাণ দিব নোৱাৰিলে।
মোৰ সীমাৰ মাজত যি ঠাই পৰিছে, সেয়ে মনোহৰ ঠাই, অৱশ্যেই মোৰ এক মনোমোহা আধিপত্য আছে।
তেওঁলোকে যিহোৱাৰ দেশত বাস নকৰিব; কিন্তু ইফ্ৰয়িম হ’লে মিচৰলৈ উলটি যাব, আৰু তেওঁলোকে অচূৰীয়াত অশুচি আহাৰ খাব।
পুনৰায় মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক এই আজ্ঞা কৰিলে, “যি দেশ তোমালোকে চিঠি-খেলেৰে অধিকাৰ কৰিবা, যি দেশ যিহোৱাই ন ফৈদ আৰু আধা ফৈদক দিবলৈ আজ্ঞা কৰিছে, সেয়ে এই দেশ।
পাছত যিহোৱাই মোচিক ক’লে,
কোনো জাৰজ সন্তান যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
আপোনালোকৰ মাজত বাস কৰাৰ পাছত তৃতীয় পুৰুষৰ পৰা তেওঁলোক যিহোৱাৰ সমাজত সোমাব পাৰিব।
সৰ্ব্বোপৰি ঈশ্বৰে যেতিয়া জাতিবোৰক নিজৰ আধিপত্য ভাগ কৰি দিলে, মনুষ্যক বিভিন্ন জাতিত ভাগ কৰিলে, তেতিয়া ইস্ৰায়েল জাতিৰ লোকসংখ্যা অনুসাৰে তেওঁ জাতিবোৰৰ সীমা স্থিৰ কৰিলে।
তেতিয়া যিহোচূৱাই চীলোত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ অৰ্থে চিঠি খেলালে৷ এইদৰে যিহোচূৱাই সেই ঠাইতে ইস্ৰায়েলৰ লোকসকলৰ ভাগ অনুসাৰে দেশখন ভাগ কৰি তেওঁলোকক দিলে।
প্ৰত্যেক ফৈদৰ পৰা তিনি জনকৈ ব্যক্তি তোমালোকৰ নিজৰ কাৰণে নিযুক্ত কৰা৷ মই তেওঁলোকক পঠিয়াম৷ তেওঁলোকে গৈ দেশৰ সকলো ঠাইৰ বিষয়ে নিৰীক্ষণ কৰিব৷ তেওঁলোকে নিজ নিজ উত্তৰাধিকাৰৰ বিষয়ে বর্ণনা কৰি লিখিব আৰু তাৰ পাছত মোৰ ওচৰলৈ উভতি আহিব।