Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



মাৰ্ক 9:1

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ইয়াত উপস্থিত থকা লোক সকলৰ মাজৰ কিছুমানে ঈশ্বৰৰ ৰাজ্য পৰাক্ৰমেৰে অহা নেদেখালৈকে মৃত্যুৰ সোৱাদ নাপাব৷”

অধ্যায়টো চাওক কপি কৰক

13 পৰস্পৰ সংযোগসমূহ  

মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকৰ মাজত এনে কিছুমান লোক ইয়াত থিয় হৈ আছে, যি সকলে মানুহৰ পুত্ৰক নিজৰ ৰাজ্যলৈ অহা নেদেখা পর্যন্ত মৃত্যুভোগ নকৰে।”

যেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ’ব; তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুকুৱাব৷ আকাশত মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহা প্ৰতাপেৰে অহা দেখিব।

“যেতিয়া মানুহৰ পুত্ৰ সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব৷

তেতিয়া তেখেত সকলে মানুহৰ পুত্ৰক, পৰাক্ৰম আৰু প্ৰতাপেৰে মেঘৰ ওপৰত অহা দেখিব।

মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো নঘটালৈকে এই কালৰ লোক লুপ্ত নহ’ব।

প্ৰভুৰ অভিষিক্ত জনক দেখা নাপায় মানে, তেওঁ মৃত্যুভোগ নকৰিব, এই কথা পবিত্ৰ আত্মাৰ দ্বাৰাই তেওঁলৈ প্ৰকাশ কৰা হৈছিল।

কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্য আহি নোপোৱালৈকে মই এতিয়াৰ পৰা আৰু দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ।”

মোৰ মেজত যেন ভোজন-পান কৰিবা, এই কাৰণে ময়ো তোমালোকৰ বাবে ৰাজ্য নিয়োজন কৰি থৈছোঁ৷ তাতে তোমালোকে সিংহাসনত বহি ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা।

কিন্তু মই তোমালোকক সত্যকৈ কওঁ, ইয়াতে থিয় হৈ থকা লোক সকলৰ মাজতে কিছুমান লোক আছে, যি সকলে ঈশ্ৱৰৰ ৰাজ্য নেদেখালৈ মৃত্যুৰ সোৱাদ নাপাব৷”

এই কথা ভাই সকলৰ মাজত বিয়পি গ’ল; সেই শিষ্য নমৰিব বুলি যীচুৱে তেওঁক কোৱা নাই; কিন্তু ‘মই অহালৈকে তেওঁ যদি জীয়াই থাকে, মই যদি এনেদৰে থকাটো বিচাৰো, তেনেহলে তাত তোমাৰ কি কাম?’ অকল ইয়াকেহে কৈছিল।

তথাপি আমি যীচুক দেখিছোঁ, যি জনক স্বর্গৰ দূত সকলতকৈ অলপহে সৰু কৰা হ’ল; তেওঁ দুখভোগ কৰি মৃত্যুবৰণ কৰাৰ কাৰণে তেওঁক মহিমা আৰু সন্মানৰ ৰাজমুকুট পিন্ধোৱা হ’ল। সেয়েহে, ঈশ্বৰৰ অনুগ্রহত প্রত্যেক মানুহৰ বাবে যীচুৱে মৃত্যুৰ আস্বাদ ল’লে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন