Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



মাৰ্ক 6:23

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু শপত খাই তাইক ক’লে, “মোক যিহকে খোজা, মই তাকেই দিম, আনকি মোৰ ৰাজ্যৰ আধা অংশও মই দিম৷”

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

পাছত তেওঁ ক’লে, “আজি চাফটৰ পুতেক ইলীচাৰ মূৰ যদি তেওঁৰ কান্ধৰ ওপৰত থাকে, তেন্তে ঈশ্বৰে যেন মোক দণ্ড দিয়ে, আৰু সেয়া অধিকৰূপেই দিয়ক।”

তাৰ পাছত ৰজাই তেওঁক ক’লে, “ৰাণী ইষ্টেৰ, তোমাক কি লাগে? তোমাৰ কি প্রাৰ্থনা আছে কোৱা? যদি তোমাক মোৰ ৰাজ্যৰ আধা অংশও লাগে, তথাপিও তোমাক দিয়া হ’ব।”

ভোজত যেতিয়া দ্রাক্ষাৰস বাকি দিয়া হ’ল, তেতিয়া ৰজাই ইষ্টেৰক সুধিলে, “তোমাৰ আবেদন কি? তোমাৰ বাবে সেই আবেদন গ্ৰহণ কৰা হ’ব; আৰু তোমাৰ প্রাৰ্থনা কি? ৰাজ্যৰ আধা অংশও যদি তোমাক লাগে, তেনেহ’লে তাক সিদ্ধ কৰা হ’ব।

দ্বিতীয় দিনা তেওঁলোকে যেতিয়া দ্ৰাক্ষাৰস বাকি দি আছিল, তেতিয়া ৰজাই ইষ্টেৰক পুনৰ সুধিলে, “ৰাণী ইষ্টেৰ, তোমাৰ নিবেদন কি? তাক তোমালৈ কৰা হ’ব। তোমাৰ অনুৰোধ কি? যদি ৰাজ্যৰ আধা অংশও তোমাক লাগে তাক দিয়া হ’ব।”

তেনেহ’লে তুমি নিজে কৰা প্রতিজ্ঞাৰ দ্বাৰাই ফান্দত পৰিবা, আৰু তুমি নিজৰ মুখৰ কথাৰ দ্বাৰাই ধৰা পৰিবা।

সেয়েহে, হেৰোদে তাইক শপত খাই প্রতিজ্ঞা কৰিলে যে, তাই যিহকে বিচাৰিব তাকে তেওঁ তাইক দিব।

চয়তানে তেওঁক ক’লে, “আপুনি যদি মূৰ দোৱাই মোৰ উপাসনা কৰে, তেনেহলে এই সকলোকে মই আপোনাক দিম।”

তেতিয়া তাই বাহিৰলৈ গৈ নিজৰ মাকক সুধিলে, “মই কি খুজিম?” তেওঁ ক’লে, “যোহন বাপ্তাইজকৰ মূৰ।”

তাতে চৌলে যিহোৱাৰ নামেৰে তাইৰ আগত শপত খাই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, ইয়াতে তোমালৈ কোনো দণ্ড নঘটিব।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন