আৰু যোহনে হেৰোদক কৈছিল, “তুমি ভাইৰ পত্নীক নিজৰ লগত স্ত্ৰীৰূপে যে ৰাখিছা, এয়া বিধান সন্মত নহয়”।
তাতে মীখায়াই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, যিহোৱাই মোক যিদৰে ক’ব, মই সেইদৰেহে ক’ম।”
তোমাৰ ককায়েৰা বা ভায়েৰাৰ ভাৰ্যাৰ উলঙ্গতা অনাবৃত নকৰিবা; সেয়ে তোমাৰ ককায়েৰা বা ভায়েৰাৰ উলঙ্গতা।
আৰু যদি কোনোবাই নিজ ককায়েক কি ভায়েকৰ ভাৰ্য্যাক গ্ৰহণ কৰে, তেন্তে সেয়ে অশুচি কৰ্ম। নিজ ককায়েক কি ভায়েকৰ ভাৰ্য্যাৰ উলঙ্গতা অনাবৃত কৰাত, তেওঁলোক নিঃসন্তান হৈ থাকিব।
তাতে তেওঁলোকে যীচুৰ গাত থুই পেলালে আৰু দণ্ড ডাল লৈ মুৰত কোবালে।