Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



মাৰ্ক 6:14

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এনেদৰে যীচুৰ নাম চাৰিওফালে প্ৰখ্যাত হবলৈ ধৰিলে; তাৰ পাছত হেৰোদ ৰজায়ো এই কথাবোৰ শুনিবলৈ পালে৷ কিছুমান লোকে ক’ব ধৰিলে যে, “যোহন বাপ্তাইজক মৃত লোকৰ মাজৰ পৰা জীৱিত হ’ল; এই হেতুকে তেওঁ এইবোৰ পৰাক্রম কাৰ্য সাধন কৰিব পাৰিছে”।

অধ্যায়টো চাওক কপি কৰক

16 পৰস্পৰ সংযোগসমূহ  

তেওঁ নিপুণ লোকসকলৰ বুদ্ধিৰে সজা যন্ত্ৰ যিৰূচালেমত যুগুত কৰাই, সেইবোৰেৰে কাঁড় আৰু ডাঙৰ শিলবোৰ মাৰি পঠিয়াবৰ বাবে দূর্গবোৰৰ ওপৰত আৰু চিদ্ৰ থকা স্তম্ভবোৰত সেই যন্ত্ৰবোৰ ৰাখিছিল। পাছত তেওঁ বৰকৈ সহায় পাই অতি শক্তিমান হৈ উঠিছিল। এইদৰে তেওঁৰ যশস্যা দূৰ দেশলৈকে বিয়পি গৈছিল।

তেতিয়া অম্মোনীয়াসকলে উজ্জিয়াক উপহাৰ দিছিল; আৰু তেওঁৰ যশস্যা মিচৰৰ প্ৰৱেশ কৰা ঠাইলৈকে বিয়পি পৰিছিল, কিয়নো তেওঁ নিজকে অতিশয় বলৱান কৰি তুলিছিল।

কিন্তু তেওঁলোকে ওলাই গৈ সেই এলেকাৰ সকলো ঠাইতে এই বিষয়ে কৈ ফুৰিলে।

তেতিয়া তেওঁৰ খ্যাতি গালীল প্ৰদেশৰ চৌদিশে আৰু সেই অঞ্চলৰ সকলো ঠাইলৈ বিয়পি গ’ল।

কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে৷ আৰু এই কথা এনে ধৰণে প্রকাশ হবলৈ ধৰিলে যে, যীচুৱে প্রকাশ্যৰূপে কোনো নগৰত সোমাব নোৱাৰা হ’ল৷ তেওঁ গৈ বাহিৰত নিৰ্জন ঠাইবোৰত থাকিবলগীয়া হ’ল যাতে চাৰিওফালৰ পৰা লোক সকলে তেওঁৰ ওচৰলৈ আহিব পাৰে।

তেতিয়া তেওঁলোকে ক’লে- “কিছুমানে ‘যোহন বাপ্তাইজক’; কিছুমানে ‘এলিয়া’; আৰু আন কিছুমানে ভাববাদী সকলৰ মাজৰ এজন বুলি কয়।”

কিছু সময়ৰ পাছত কেইজনমান ফৰীচীয়ে আহি তেওঁক ক’লে, “তুমি ইয়াৰ পৰা অাতৰি যোৱা; কাৰণ হেৰোদে তোমাক বধ কৰিবলৈ বিচাৰি আছে।”

তিবিৰিয়া চীজাৰৰ ৰাজত্বৰ পোন্ধৰ বছৰত যিহূদীয়াৰ ৰাজ্যপাল আছিল পন্তীয় পীলাত। সেই সময়ত হেৰোদ আছিল গালীল প্ৰদেশৰ ৰজা; আৰু তেওঁৰ ভায়েক ফিলিপ আছিল যিতূৰিয়া আৰু ত্ৰাখোনীতিয়া প্ৰদেশৰ ৰজা; লুচাণিয় আছিল অবিলীনী প্ৰদেশৰ ৰজা।

পাছত গোটেই যিহুদীয়াত আৰু ইয়াৰ চাৰিওফালে থকা অঞ্চল সমূহত তেওঁৰ বিষয়ে এই কথা বিয়পি গ’ল।

তেতিয়া তেওঁলোকে উত্তৰ দি ক’লে, “যোহন বাপ্তাইজক, কিন্তু আন কিছুমানে এলিয়া বুলি ভাৱে, আন কিছুমানে পূৰ্বকালৰ ভাববাদী সকলৰ কোনো এজন পুনৰায় জীৱিত হৈ উঠা লোক বুলি ভাবে।”

মাত্র মাকিদনিয়া আৰু আখায়া অঞ্চলতে যে আপোনালোকৰ পৰা প্ৰভুৰ বাক্য বিয়পি পৰিছে এনে নহয়, কিন্তু ঈশ্বৰৰ প্ৰতি আপোনালোকৰ যি বিশ্বাস, সেই বাৰ্তা সকলো ঠাইতে বিয়পি পৰিছে। এই বিষয়ে আমি একো কোৱাৰ প্ৰয়োজন নাই।

ঈশ্বৰে নানা চিন, অদ্ভুত লক্ষণ, অনেক পৰাক্ৰম কাৰ্য আৰু নিজৰ ইচ্ছা অনুসাৰে পবিত্ৰ আত্মাৰ নানা বৰদানৰ দ্বাৰা এই বিষয়ে সাক্ষ্য প্রদান কৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন