Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



মাৰ্ক 5:35

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁ এই কথা কয় থাকোতে, নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰৰ পৰা মানুহবোৰে আহি ক’লে, “তোমাৰ ছোৱালী মৰিল৷ গুৰুক পুনৰ কিয় কষ্ট দিয়া?”

অধ্যায়টো চাওক কপি কৰক

13 পৰস্পৰ সংযোগসমূহ  

কিন্তু যীচুৱে, ইয়াকে জানিবলৈ পায়, তেওঁলোকক ক’লে, “এই মহিলা জনীক কিয় অসুবিধা দিছা? কাৰণ তেওঁ মোলৈ উত্তম কৰ্ম কৰিলে।

তেওঁ ক’লে, “নগৰলৈ গৈ নিৰ্দিষ্ট জনক কোৱাগৈ, গুৰুৱে কৈছে, মোৰ কাল ওচৰ হৈছে; মোৰ শিষ্য সকলে সৈতে মই তোমাৰ ঘৰত নিস্তাৰ-পৰ্বৰ ভোজ পালন কৰিম”।

যীচুৱে লোক সকলক যেতিয়া এইবোৰ কথা কৈ আছিল, তেতিয়া এজন শাসনকর্তাই আহি তেওঁক প্ৰণিপাত কৰি ক’লে, “মোৰ ছোৱালী জনীৰ এইমাত্র মৃত্যু হ’ল; আপুনি আহি তাইৰ ওপৰত হাত ৰাখক, তাতে তাই জীয়াই উঠিব।”

পাছত তেওঁ যাত্ৰা আৰম্ভ কৰোঁতে, এজন মানুহে তেওঁৰ ওচৰলৈ বেগাই আহি তেওঁৰ আগত আঁঠু লৈ সুধিলে, “হে সৎ গুৰু, অনন্ত জীৱনৰ অধিকাৰী হ’বলৈ মই কি কৰিব লাগিব?”

এনেতে যায়ীৰ নামেৰে নাম-ঘৰৰ অধিকাৰী এজনে আহি তেওঁক দেখি তেওঁৰ চৰণত পৰিল৷

তেওঁ এই কথা কৈ থাকোতেই, নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰৰ পৰা কোনো এজনে আহি তেওঁক ক’লে, “তোমাৰ জীয়েৰা মৰিল; গুৰুক পুনৰ দুখ নিদিবা।”

মাৰ্থাই যীচুক ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলহেঁতেন;

যীচুৱে মার্থাক ক’লে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব;

এই কথা কৈ, মার্থা তাৰ পৰা আতৰি গ’ল আৰু ভনীয়েক মৰিয়মক গুপুতে মাতি ক’লে, “গুৰু আহিল, আৰু তোমাক মাতিছে।”

যি ঠাইত যীচু আছিল, মৰিয়মে সেই ঠাই পাই, তেওঁৰ চৰণত পৰি ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলেহেঁতেন।”

যীচুৱে ক’লে, “শিলচটা গুচাই দিয়া।” মৃত লাজাৰৰ বায়েক মাৰ্থাই যীচুক ক’লে, “প্ৰভু, এতিয়া শৰীৰ পচি দুৰ্গন্ধ হৈছে; কিয়নো সি মৰাৰ আজি চাৰি দিন হ’ল।”

আপোনালোকক সঁচাকৈয়ে কওঁ, যি সময়ত মৃত লোকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, এনে সময় আহি আছে, বৰং আহি পালেহি আৰু যি সকলে শুনিব, তেওঁলোক জীৱ।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন