Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



মাৰ্ক 3:6

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গৈ হেৰোদীয়া মানুহ সকলৰ সৈতে আলোচনা কৰিলে আৰু তেওঁক বিনষ্ট কৰিবৰ বাবে তেওঁৰ বিৰুদ্ধে মন্ত্রণা কৰিবলৈ ধৰিলে।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গ’ল আৰু যীচুক বধ কৰিবৰ কাৰণে তেওঁৰ বিৰুদ্ধে চক্রান্ত কৰিবলৈ ধৰিলে।

এনে মন্ত্ৰণা কৰি, তেওঁলোকে হেৰোদীয়া মানুহৰ সৈতে তেওঁলোকৰ শিষ্য সকলক যীচুৰ ওচৰলৈ পঠিয়ালে৷ তেওঁলোকে যীচুক ক’লে, “হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিছে, আপুনি কোনো ব্যক্তিৰ মতামতক ভয় নকৰে; এই কাৰণে কোনো লোকৰ সৈতে আপুনি পক্ষপাত নকৰে।

পাছত যীচুক বাক্যৰূপ ফান্দত ধৰিবৰ আশয়েৰে তেখেত সকলে কিছুমান ফৰীচী আৰু কেইজনমান হেৰোদীয়া লোকক তেওঁৰ ওচৰলৈ পঠালে।

এনেতে তেওঁ সতৰ্ক কৰি তেওঁলোকক আজ্ঞা দি ক’লে, “চাবা, তোমালোকে ফৰীচী সকলৰ খমিৰ আৰু হেৰোদৰ খমিৰলৈ সাৱধান হ’বা।”

তেতিয়া প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে কেনেকৈ যীচুক বধ কৰিব পাৰে, তাৰে উপায় বিচাৰিলে; কিয়নো তেওঁলোকে লোক সকলক ভয় কৰিছিল।

তাতে ফৰীচী আৰু অধ্যাপক সকলৰ ভীষণ খং উঠিল আৰু যীচুক লৈ কি কৰিব পৰা যায় সেই বিষয়ে পৰস্পৰে আলোচনা কৰিবলৈ ধৰিলে।

সেইদিনা খনৰ পৰা তেওঁলোকে যীচুক বধ কৰিবলৈ ষড়যন্ত্র কৰিবলৈ ধৰিলে।

তুমি তোমাৰ দাস, আমাৰ পিতৃপুৰুষ দায়ুদৰ মুখেৰে পবিত্ৰ আত্মাৰ দ্বাৰা এই কথা কৈছিলা, জাতিবোৰ কিয় ক্রুদ্ধ হ’ল? সকলো লোকে কিয় অসাৰ চিন্তা কৰে?




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন