Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



মাৰ্ক 12:44

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিয়নো সকলোৱে নিজৰ নিজৰ অতিৰিক্ত সম্পত্তিৰ পৰা দিলে, কিন্তু এই দৰিদ্ৰ বাঁৰীয়ে ধনৰ নাটনি হোৱাতো, তেওঁৰ যি আছিল অৰ্থাৎ তেওঁৰ সকলো জীৱিকা দিলে।”

অধ্যায়টো চাওক কপি কৰক

16 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যীচুৱে তেওঁ নিজৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, দান পাত্ৰত ধন সুমুৱাই দিয়া লোক সকলৰ ভিতৰত এই দৰিদ্ৰ বাঁৰী মহিলা গৰাকীয়ে সকলোতকৈ অধিক দিলে।

তেওঁ যি পাৰিলে তাকে কৰিলে; মোক মৈদামত থোৱা কাৰ্যৰ কাৰণে আগেয়ে মোৰ শৰীৰত তেল সানিলে।

সৰুটোৱে বাপেকক ক’লে, ‘দেউতা ধন, সম্পত্তিৰ যি ভাগ মই পাওঁ, সেই ভাগ মোক দিয়ক’। তেতিয়া তেওঁ নিজৰ সম্পত্তি সিহঁতক ভগাই দিলে।

কিন্তু আপোনাৰ সৰু লৰা বেশ্যাৰ লগত সকলো ধন-সম্পত্তি খৰছ এতিয়া ঘূৰি আহিছে আৰু আপুনি সি ঘুৰি অাহোতেই তাৰ কাৰণে পোহনীয়া দামুৰিটো মাৰিলে’।

সেই ভিৰৰ মাজত বাৰ বছৰ ধৰি তেজ যোৱা ৰোগ ভোগ কৰি থকা এজনী তিৰোতা আছিল৷ তেওঁ চিকিৎসকৰ ওচৰত গৈ, সর্ব্বস্ৱ ধন, সম্পত্তি ব্যয় কৰিও সুস্থ হোৱা নাছিল৷

ঋণৰ বন্ধক হিচাবে কাৰো জাঁত শিল বা তাৰ ওপৰৰ পাথৰটো নলব। তেনে কৰিলে মানুহজনৰ জীয়াই থকাৰ উপায়কে বন্ধক লোৱা হয়।

কিন্তু যিজনৰ সাংসাৰিক জীৱিকাৰ উপায় আছে, তেওঁ নিজ ভাইৰ অভাৱ দেখিও যদি স্নেহ নকৰি হৃদয় বন্ধ কৰি থয় আৰু তেওঁৰ পৰা নিজ স্নেহ আটক কৰে, তেনেহলে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকিব?




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন