Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



মাৰ্ক 11:21

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া পিতৰৰ মনত পৰিল আৰু তেওঁ যীচুক ক’লে, “ৰব্বি, চাওক! আপুনি শাও দিয়া ডিমৰু গছজোপা শুকাই গ’ল।”

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

দুষ্ট লোকৰ ঘৰত যিহোৱাৰ শাও থাকে; কিন্তু তেওঁ ধাৰ্মিকৰ নিবাসক আশীৰ্ব্বাদযুক্ত কৰে।

এনেতে বাটৰ কাষত এজোপা ডিমৰু গছ দেখা পালে আৰু তেওঁ ওচৰলৈ গ’ল, কিন্তু পাতৰ বাহিৰে একো নোপোৱাত, তেওঁ ক’লে, “এতিয়াৰ পৰা এই গছত কোনো কালে ফল নধৰক”। লগে লগেই সেই ডিমৰু জোপা শুকাই গ’ল৷

হাট-বজাৰত নমস্কাৰ আৰু লোক সকলে ‘ৰব্বি’ সম্বোধন কৰিলে তেওঁলোকে ভালপায়।

কিন্তু তোমালোকে হ’লে, ‘ৰব্বি’ বুলি মতা নহ’বা; কিয়নো এজন তোমালোকৰ গুৰু আছে, আৰু তোমালোক সকলো ভাই ভাই।

তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক কব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা।

ইয়াৰ মাজতে শিষ্য সকলে তেওঁক অনুৰোধ কৰি ক’লে, “ৰব্বি, আপুনি অলপ মান কিবা খাই লওঁক।”

কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে, তেওঁ শাপগ্ৰস্ত হওক। আমাৰ প্ৰভু আহক৷




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন