আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা।
সেয়েহে যেতিয়া আপোনাৰ দাস ও আপোনাৰ প্ৰজা ইস্ৰায়েলে এই ঠাইৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰিব, তেতিয়া আপুনি তেওঁলোকৰ মিনতিলৈ কাণ দিব, এনে কি, আপুনি আপোনাৰ বাসস্থান স্বৰ্গত থাকি তাক শুনিব আৰু শুনি ক্ষমা কৰিব।
তেন্তে আপুনি স্বৰ্গত থাকি সেই প্রাৰ্থনা, নিবেদন শুনি আপোনাৰ প্ৰজা ইস্ৰায়েলৰ পাপ ক্ষমা কৰিব আৰু আপুনি তেওঁলোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশলৈ তেওঁলোকক ওভোতাই আনিব।
তেন্তে তেওঁৰ যি কোনো প্ৰাৰ্থনা কি মিনতি হওক, আপুনি নিজ বাসস্থান স্বৰ্গত থাকি তাক শুনিব, ক্ষমা কৰিব আৰু কাৰ্য কৰি প্ৰতিজন লোকৰ মন জানি, কিয়নো আপুনি, কেৱল আপুনিহে আটাই মনুষ্য সন্তান সকলৰ মন জানে; তেওঁলোকৰ নিজ নিজ কৰ্মৰ দৰে ফল দিব;
আৰু আপোনাৰ বিৰুদ্ধে পাপ কৰা আপোনাৰ প্ৰজাসকলক ক্ষমা কৰিব, আৰু আপোনাৰ বিৰুদ্ধে কৰা তেওঁলোকৰ সকলো অপৰাধ ক্ষমা কৰিব; আৰু তেওঁলোকৰ বন্দী কৰি নিয়াসকলে যেন তেওঁলোকক দয়া কৰিব, এই কাৰণে তেওঁলোকলৈ তেওঁলোকৰ দয়া জন্মাব।
কিন্তু তোমাৰ ওচৰত ক্ষমা আছে, যেন মানুহে তোমাক ভয় কৰে।
ধন্য সেই লোক, যি লোকৰ অপৰাধ ক্ষমা কৰা হয়; যি লোকৰ পাপ ঢকা হয়।
হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁতা; অপৰাধ, আজ্ঞা লঙ্ঘন, আৰু পাপ ক্ষমা কৰোঁতা। তথাপি তেওঁ নিশ্চয়ে দোষীক নিৰ্দ্দোষী নকৰে। তৃতীয় চতুৰ্থ পুৰুষলৈকে তেওঁলোকৰ সন্তানক পিতৃৰ অপৰাধৰ প্ৰতিফল দিওঁতা।”
যিহোৱাই কৈছে, “এতিয়া আহাঁ, আমি তৰ্কবিতৰ্ক কৰোঁহক,” তোমালোকৰ পাপবোৰ উজ্বল ৰঙা হ’লেও, হিমৰ দৰে বগা কৰা হ’ব; আৰু অগ্নিবৰ্ণৰ দৰে ৰঙা হ’লেও, ঊণৰ দৰে হৈ পৰিব।
হে প্ৰভু, শুনক! হে প্ৰভু, ক্ষমা কৰক! হে প্ৰভু মনোযোগ দিয়ক, আৰু কাৰ্য কৰক! হে মোৰ ঈশ্বৰ, আপোনাৰ অভিপ্রায়ৰ বাবে পলম নকৰিব। আপোনাৰ নগৰ আৰু লোকসকলে আপোনাৰ নামেৰে মাতি আছে।”
কিয়নো মোৰ যি তেজ, এয়া নিয়মৰ তেজ৷ অনেকৰ পাপ মোচনৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই।
এনেতে কেইজনমান লোকে বিচনাত পৰি থকা এজন পক্ষাঘাত ৰোগত আক্রান্ত অৱশ ৰোগীক তেওঁৰ ওচৰলৈ আনিলে। সেই লোক সকলৰ দৃঢ় আস্থা দেখি যীচুৱে ৰোগীজনক ক’লে, “বোপা, নিৰ্ভয় হোৱা; তোমাৰ সকলো পাপ ক্ষমা কৰা হ’ল।”
আৰু স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে যাতে তোমালোকৰো অপৰাধ ক্ষমা কৰিব, সেই বাবে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ থিয় হওতে, যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ কিবা কবলগীয়া থাকে, তেনেহলে তেওঁক নিশ্চয় ক্ষমা কৰা।
আমাৰ পাপ ক্ষমা কৰা কিয়নো আমিও নিজৰ নিজৰ ধৰুৱাক ক্ষমা কৰিলোঁ। আৰু আমাক পৰীক্ষালৈ নিনিবা’।”
চীলোহত এটা ওখ দুর্গৰ পতনত যি ওঠৰ জন মানুহৰ মৃত্যু হৈছিল, আপোনালোকে ভাবে নেকি যে যিৰূচালেমৰ বাকী মানুহতকৈ তেওঁলোক বেছি পাপী আছিল?
তোমালোকে পৰৰ সোধ-বিচাৰ নকৰিবা, তেতিয়া তোমালোকৰো বিচাৰ কৰা নহ’ব। আনৰ দোষ নধৰিবা, তেতিয়া তোমালোকৰো দোষ ধৰা নহ’ব। আন লোকক ক্ষমা কৰা, তেতিয়া তোমালোককো ক্ষমা কৰা হ’ব।
এই কাৰণে, হে ভাই সকল, সেই জনৰ দ্বাৰাই আপোনালোকৰ আগত পাপ মোচনৰ ন্যায় বিষয়ৰ গ্ৰহণীয়তা প্ৰচাৰ কৰা হৈছে৷
কিয়নো ঈশ্বৰৰ সেই প্ৰিয়জনত, তেওঁৰ তেজৰ দ্বাৰা আমি মুক্তি পালোঁ; তেওঁৰ উপচি পৰা অনুগ্রহৰ দ্বাৰা আমি পাপৰ ক্ষমা পালোঁ।
পৰস্পৰৰ প্ৰতি স্নেহশীল হওক আৰু কোমল চিত্তৰ লোক হওক; ঈশ্বৰে আপোনালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ আপোনালোকেও পৰস্পৰে ক্ষমা কৰক।
আপোনালোক পৰস্পৰ সহনীয় হওক; ইজনে সিজনৰ প্ৰতি দয়ালু হওক; আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দোষ দিয়াৰ কাৰণ থাকে, তেনেহলে পৰস্পৰে ক্ষমা কৰক; কিয়নো প্ৰভুৱে যেনেকৈ আপোনালোকক ক্ষমা কৰিলে, আপোনালোকেও তেনেকৈ ক্ষমা কৰক৷