তেতিয়া পীলাতে তেওঁক ক’লে, ‘এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান সাক্ষ্য দিছে, সেই বিষয়ে তুমি শুনা নাই নে’?
তেতিয়া মহা-পুৰোহিতে উঠি যীচুক ক’লে, “তুমি একো উত্তৰ নিদিয়া নে? তোমাৰ অহিতে এওঁলোকে কি সাক্ষ্য দিছে?”
কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁক অপবাদ দিয়াতো, তেওঁ একো উত্তৰ নিদিলে।
কিন্তু তেওঁ এষাৰো উত্তৰ নিদিয়াত দেশাধিপতিয়ে অতিশয় বিস্ময় মানিলে।
পীলাতে উত্তৰ দিলে, “মই জানো ইহুদী মানুহ? তোমাৰ নিজৰ জাতিৰ লোক আৰু প্ৰধান পুৰোহিত সকলে মোৰ হাতত তোমাক শোধাই দিলে; তুমি কি কর্ম কৰিলা?”
হাজাৰৰ সেনাপতিয়ে পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে আৰু তেওঁৰ অহিতে মানুহবোৰে কি কাৰণত এনেদৰে আটাহ পাৰিছে, সেই বিষয়ে জানিবলৈ তেওঁক চাবুকেৰে কোবাই সুধিবলৈ আজ্ঞা দিলে৷