Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



মথি 24:37

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

নোহৰ দিনৰদৰে সেইদিনা মানুহৰ পুত্ৰৰ আগমণ হ’ব।

অধ্যায়টো চাওক কপি কৰক

14 পৰস্পৰ সংযোগসমূহ  

কিন্তু নোহৰ প্রতি যিহোৱাৰ অনুগ্ৰহৰ দৃষ্টি আছিল।

কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।”

কিয়নো বিজুলীয়ে যেনেকৈ পূবৰ পৰা ওলাই পশ্চিমলৈ চমকনি মাৰে, তেনেকৈ মানুহৰ পুত্ৰৰো আগমণ হ’ব।

পাছত তেওঁ যেতিয়া জৈতুন পৰ্বতৰ ওপৰত বহিল, তেতিয়া শিষ্য সকলে গুপুতে তেওঁৰ ওচৰলৈ আহি সেই বিষয়ে সুধিলে, “এইবোৰ কেতিয়া হ’ব? আপোনাৰ আগমণ আৰু এই জগতৰ শেষ হোৱাৰ চিন কি? সেই বিষয়েও আমাক কওক।”

যেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ’ব; তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুকুৱাব৷ আকাশত মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহা প্ৰতাপেৰে অহা দেখিব।

আৰু জলপ্লাৱন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰেই মানুহৰ পুত্ৰৰ আগমণ হ’ব।

বিশ্বাসৰ গুণে নোহে, ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্রাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি, নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ’ল।

ঈশ্বৰে সেই পুৰণি জগতকো এৰি দিয়া নাছিল; ঈশ্বৰৰ প্রতি ভক্তিহীন লোক সকলৰ ওপৰলৈ তেওঁ জলপ্লাৱন আনিলে; কেৱল নোহ আৰু তেওঁৰ লগত আন সাত জনক তেওঁ ৰক্ষা কৰিলে। এই নোহে লোক সকলক ধাৰ্মিকতাৰ পথত চলাৰ সম্বন্ধে প্রচাৰ কৰিছিল।

আৰু এই সময়তেই ঈশ্বৰৰ বাক্যৰ দ্বাৰাই জগত জলপ্লাবিত হৈ বিনষ্ট হৈছিল;




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন