Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



মথি 23:23

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে পদিনা, গুৱামুৰি, আৰু জীৰাৰ দশম ভাগ দান কৰে, কিন্তু বিধানৰ মাজৰ গুৰুত্বপূৰ্ণ যি ভাগ, ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰৰ ভাগ হলে নিদিয়ে। কিন্তু এইবোৰ পালন কৰা, আৰু সেইবোৰক ত্যাগ নকৰা আপোনালোকৰ উচিত আছিল।

অধ্যায়টো চাওক কপি কৰক

16 পৰস্পৰ সংযোগসমূহ  

যি সত্য আৰু ন্যায়, এনে কাৰ্য কৰা; বলিদানতকৈ এই কার্য সমূহ যিহোৱাৰ গ্রহণীয়।

মাটি সমান কৰা পাছত তেওঁ জানো কালজীৰা নবয়, আৰু ভূগ জীৰা নিসিঁচে? শাৰী শাৰী কৰি ঘেঁহু আৰু নিৰূপিত ঠাইত যৱ, আৰু তাৰ কিনাৰে কিনাৰে জনাৰ ধান জানো নবয়?

যিহোৱাই এইদৰে কৈছে: “তোমালোকে ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰা আৰু অপহাৰিত জনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা; বিদেশী, পিতৃহীন বা বিধৱাক অপকাৰ আৰু অত্যাচাৰ নকৰিবা নাইবা এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰিবা।

কিয়নো মই বলিদান নিবিচাৰোঁ, বিশ্বাসপূর্ণ প্রেমহে বিচাৰো; মই বিচাৰো মানুহে যেন হোম-বলিতকৈ ঈশ্বৰ-বিষয়ক জ্ঞান অধিককৈ লাভ কৰে।

আৰু ভুমিৰ শস্য বা গছৰ গুটিয়েই হওক, ভুমিৰ উৎপন্ন সকলো বস্তুৰ দশম ভাগ যিহোৱাৰ হ’ব; সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।

হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।

‘মই বলিদান নোখোজো, দয়াহে খোজো’ শাস্ত্রৰ এই কথাৰ অৰ্থ আপোনালোকে জনা হ’লে, নিৰ্দ্দোষী সকলক দোষী নকৰিলেহেঁতেন।

কিন্তু হায় হায় কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত আপোনালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছে; কাৰণ আপোনালোকে নিজেও নোসোমাই, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়ে।

“মই বলিদান নোখোজো, দয়াহে বিচাৰো,” শাস্ত্রৰ এই কথাষাৰৰ অৰ্থ কি সেই বিষয়ে শিকি আহাগৈ। কিয়নো মই ধাৰ্মিক লোকক মন-পালটন কৰিবৰ বাবে নিমন্ত্রণ কৰা নাই, কিন্তু পাপী লোকক নিমন্ত্ৰণ কৰিবৰ বাবেহে মই আহিছোঁ।”

কিন্তু হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ আপোনালোকে পদিনা, আৰুদ আৰু বাগিছাত হোৱা শাক-পাচলিৰ দশম ভাগ দান কৰে কিন্তু ন্যায়-বিচাৰ আৰু ঈশ্বৰৰ প্ৰেম ত্যাগ কৰে৷ আচলতে অন্যান্য বিষয় সমূহৰ লগতে ন্যায়-বিচাৰ আৰু ঈশ্ৱৰৰ প্ৰেমকো পালন কৰা আপোনালোকৰ প্ৰয়োজন আছিল৷

মই সপ্তাহত দুবাৰ লঘোন দিওঁ; আৰু মোৰ সকলো আয়ৰ দশম ভাগ দান কৰোঁ’।

চমূৱেলে ক’লে, “যিহোৱাৰ বাক্য পালন কৰিলে যেনেকৈ তেওঁ সন্তুষ্ট হয়, তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তুষ্ট হ’য়? বলিদানতকৈ আজ্ঞাপালন কৰা উত্তম, আৰু মেৰৰ তেলতকৈ বাক্য শুনা উত্তম।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন