Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



মথি 2:20

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

“উঠা, ল’ৰাটি আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ উলটি যোৱা; কিয়নো যি সকলে এই শিশুটোৰ প্ৰাণ নাশ কৰিবলৈ বিচাৰি আছিল, তেওঁলোকৰ মৃত্যু হ’ল।”

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

পাছত যেতিয়া দায়ুদ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হোৱা আৰু সেনাপতি যোৱাবৰ মৃত্যুৰ কথা হদদে মিচৰ দেশত শুনিবলৈ পালে, তেতিয়া তেওঁ ফৰৌণক ক’লে, “মোক বিদায় দিয়ক, মই নিজ দেশলৈ যাওঁ।”

এই কাৰণে চলোমনে যাৰবিয়ামক বধ কৰিবলৈ বিচাৰিলে, কিন্তু যাৰবিয়াম মিচৰলৈ গ’ল, আৰু মিচৰৰ ৰজা চীচকৰ ওচৰলৈ পলাই গ’ল। চলোমনৰ মৃত্যু নোহোৱালৈকে তেওঁ মিচৰতে থাকিল।

যিহোৱাই মিদিয়নত মোচিক ক’লে, “তুমি মিচৰলৈ উভটি যোৱা; কিয়নো যি সকল লোকে তোমাৰ প্ৰাণ ল’ব বিচাৰিছিল, সেই লোক সকলৰ মৃত্যু হ’ল।”

তেওঁলোক যোৱাৰ পাছত, প্ৰভুৰ এজন দূতে সপোনত আবিৰ্ভুত হৈ যোচেফক ক’লে, “উঠা, শিশু আৰু তেওঁৰ মাকক লৈ, মিচৰ দেশলৈ পলাই যোৱা আৰু মই তোমাক নোকোৱা পর্যন্ত সেই ঠাইতে থাকিবা, উলটি নাহিবা; কিয়নো ল’ৰা জনক বিনাশ কৰিবৰ কাৰণে হেৰোদে তেওঁক বিচাৰি আছে।”

পাছত যেতিয়া হেৰোদৰ মৃত্যু হ’ল, তেতিয়া প্ৰভুৰ এজন দূতে মিচৰ দেশত থাকোতেই সপোনত আবিৰ্ভুত হৈ যোচেফক ক’লে,

তেতিয়া যোচেফে উঠি, শিশু আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ আহিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন