Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



মথি 15:26

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু যীচুৱে উত্তৰ দি ক’লে, “ল’ৰা-ছোৱালীৰ খোৱা বস্তুবোৰ কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়।”

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

তাতে মহিলা গৰাকীয়ে আহি যীচুক প্ৰণিপাত কৰি ক’লে, “হে প্ৰভু, মোলৈ দয়া কৰক।”

তাই ক’লে, “হয় প্ৰভু, কিন্তু গৰাকীৰ মেজৰ পৰা উফৰি পৰাবোৰ কুকুৰে খাবলৈ পায়।”

কোনো পবিত্র বস্তু কুকুৰবোৰক নিদিবা আৰু গাহৰিৰ আগত তোমালোকৰ মুকুতা নেপেলাবা; হয়তো সিহঁতে সেইবোৰ ভৰিৰ তলত লৈ গচকি নষ্ট কৰিব আৰু তোমাৰ ফালে ঘূৰি আহি তোমাকো টুকুৰা-টুকুৰ কৰি ছিৰি পেলাব।

তেওঁলোক ইস্ৰায়েলীয়া৷ তেওঁলোক তোলনীয়া পুত্ৰ, ঐশ্বৰ্য, নানা ধৰ্ম নিয়ম, বিধান-শাস্ত্ৰ, আৰাধনা, আৰু প্ৰতিজ্ঞা সমূহ, তেওঁলোকৰ হয়৷

আমি জন্মসূত্রে ইহুদী, “অনা-ইহুদী পাপী” নহয়।

সেই সময়ত আপোনালোক খ্রীষ্টৰ পৰা পৃথক হৈ আছিল; আপোনালোক ইস্ৰায়েলৰ নাগৰিক নাছিল; প্ৰতিজ্ঞাযুক্ত বিধান সমূহৰ লগত আপোনালোকৰ কোনো সম্বন্ধ নাছিল; আপোনালোকৰ আশা নাছিল; এই পৃথিৱীত আপোনালোক ঈশ্বৰবিহীন আছিল।

সেই কুকুৰহঁতলৈ সাৱধানে থাকিব৷ সেই দুষ্কৰ্ম্মকাৰী সকলৰ প্ৰতি সাৱধান হওক আৰু যি সকলে ছিন্ন-ভিন্ন কৰিব বিচাৰে, সিহঁতলৈকো সাৱধানে থাকক।

কিন্তু বাহিৰৰ কুকুৰবোৰ, মায়াবীবোৰ, ব্যভীচাৰিবোৰ, নৰবধীবোৰ আৰু মূৰ্তিপূজকবোৰ আৰু মিছা কথাক প্ৰেম কৰা আৰু মিছা কথাক অভ্যাস প্ৰতিজন লোক বাহিৰত থাকে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন