কিয়নো মানুহৰ মনৰ পৰাই সকলো কুচিন্তা, নৰ-বধ, ব্যভিচাৰ, যৌনপাপ, চুৰি, মিছা সাক্ষ্য আৰু নিন্দা এইবোৰ ওলায়।
যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়।
যিহোৱাই সেই হোম-বলিৰ সুঘ্ৰাণত সন্তোষ পাই নিজৰ মনেতে ক’লে, “সৰু কালৰে পৰা মানুহৰ মন মন্দতাৰ ফালে ঢাল খোৱা; কিন্তু মই মানুহৰ কাৰণে ভূমিক আৰু কেতিয়াও শাও নিদিওঁ; সেয়ে, মই যি দৰে কৰিলোঁ, পুনৰায় সেইদৰে সকলো প্ৰাণীক ধ্বংস নকৰোঁ।
দুই মনৰ লোকক মই ঘিণ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক মই ভাল পাওঁ।
সন্তানৰ হৃদয়ত মুৰ্খতা আৱদ্ধ হৈ থাকে; কিন্তু চেকনীৰ অনুশাসনে তাক তাৰ পৰা দূৰ কৰে।
জ্ঞানহীন আঁচনি পাপ, আৰু নিন্দক লোকক মানুহে ঘৃণা কৰে।
সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়।
তেওঁ হৃদয়ৰ প্রতাৰণাৰ সৈতে বেয়া চক্রান্ত কৰে, তেওঁ সদায় বিবাদক আলোড়িত কৰে,
দুষ্ট লোকে তেওঁলোকৰ পথ আৰু পাপীলোকে তেওঁলোকৰ চিন্তাধাৰা ত্যাগ কৰক। তেওঁলোক যিহোৱালৈ ঘুৰি আহক, তাতে তেওঁ তেওঁলোকক দয়া কৰিব; আৰু যি জনে প্ৰচুৰ পৰিমাণে তেওঁলোকক ক্ষমা কৰিব, আমাৰ সেই ঈশ্বৰলৈ ঘুৰি আহাঁ।
তেওঁলোকৰ ভৰি কুকৰ্মৰ ফাললৈ বেগাই চলে, আৰু তেওঁলোকে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিবলৈ বেগাবেগি কৰে; তেওঁলোকৰ কল্পনাবোৰ অধৰ্মৰ কল্পনাহে; ধ্বংস আৰু উচ্ছন্নতা তেওঁলোকৰ পথত আছে।
মন সকলোতকৈ কপটময়। তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি; কোনে তাক বুজিব পাৰে?
হে যিৰূচালেমৰ লোকসকল, যিহোৱাই ৰক্ষা কৰিবলৈ, তোমালোকৰ হৃদয় ধুই দুষ্টতা দূৰ কৰা। তোমালোকৰ অন্তৰত কু-ভাবনা আৰু কিমান দিন ৰাখিবা?
বিলিয়মে গাধজনীক ক’লে, “তই মোক অমান্য কৰিছ; মোৰ হাতত তৰোৱাল থকা হ’লে বৰ ভাল আছিল; সেয়ে হোৱা হ’লে মই এতিয়াই তোক বধ কৰিলোঁহেঁতেন।”
এইবোৰেহে মানুহক অশুচি কৰে; কিন্তু নোধোৱা হাতেৰে ভোজন কৰিলে মানুহ অশুচি নহয়।”
কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে মহিলাৰ ফালে কাম ভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে।
যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, ‘আপোনালোকে মনে মনে বেয়া চিন্তা কৰিছে কিয়?’
তুমি এই দুষ্টতাৰ পৰা মন-পালটন কৰা আৰু প্রভুৰ ওচৰত প্রার্থনা কৰা; হয়তো তোমাৰ মনৰ এই মন্দ চিন্তা তেওঁ ক্ষমাও কৰিব পাৰে।
কিয়নো মই জানো যে, মোৰ জীৱনত, অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে৷ ইচ্ছা কৰিবলৈ মই সমৰ্থ, কিন্তু উত্তমতা সাধন কৰিবলৈ হ’লে নোৱাৰো।