চলোমনৰ পুত্ৰ ৰহবিয়াম; ৰহবিয়ামৰ পুত্ৰ অবিয়৷ অবিয়ৰ পুত্ৰ আচা;
পাছত চলোমন তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক তেওঁৰ পিতৃ দায়ূদৰ নগৰত মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হ’ল।
পাছত ৰহবিয়াম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজ পূর্বপুৰুষসকলৰ লগত দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ মাকৰ নাম অম্মোনীয়া নয়মা; পাছত তেওঁৰ পুত্ৰ অবিয়াম তেওঁৰ পদত ৰজা হ’ল।
যেতিয়া ৰহবিয়ামৰ ৰাজ্য প্ৰতিস্থিত আৰু তেওঁ শক্তিশালী হ’ল, তেতিয়া তেওঁ আৰু তেওঁৰে সৈতে গোটেই ইস্ৰায়েলে যিহোৱাৰ বিধি ত্যাগ কৰিলে।
আৰু কেতবোৰ পাষণ্ড ও অসাৰ চিত্তৰ লোকসকল তেওঁৰ ওচৰত গোট খালে৷ তেওঁলোকে চলোমনৰ পুত্ৰ ৰহবিয়ামৰ বিৰুদ্ধে নিজকে সবল কৰিলে; যেতিয়া ৰহবিয়াম ডেকা আৰু অনভিজ্ঞ হোৱাত তেওঁলোকৰ আগত নিজকে সবল কৰিব নোৱাৰিছিল।
পাছত চলোমন তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হোৱাত তেওঁৰ পিতৃ দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; আৰু তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হ’ল।
আচাৰ পুত্ৰ যিহোচাফট৷ যিহোচাফটৰ পুত্ৰ যোৰাম; যোৰামৰ পুত্ৰ উচিয়৷
যিহুদীয়াৰ ৰজা হেৰোদৰ দিনত পুৰোহিত অবিয়ৰ দলত জখৰিয়া নামেৰে এজন পুৰোহিত আছিল; জখৰিয়াৰ ভার্যা এলীচাবেৎ হাৰোণৰ বংশৰ আছিল।