আমাৰ মনৰ উল্লাস গ’ল; আমাৰ নাচবাগ গুচি শোক হ’ল।
সেই দেখি মোৰ বীণাৰ মাত শোকৰ শব্দত পৰিণত হৈছে, আৰু মোৰ বাঁহীৰ স্বৰ সলনি হৈ ক্ৰন্দনকাৰীসকলৰ মাত হৈছে।
শোক অৱস্থাৰ পৰা তুমি মোক নৃত্যৰ উৎসৱলৈ আনিলা; শোকৰ চট কাপোৰ খুলি তুমি মোক আনন্দৰ বস্ত্র পিন্ধালা,
ইয়াৰ বাহিৰে মই এওঁলোকৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি, দৰা-কন্যাৰ ধ্বনি, জাঁতৰ শব্দ আৰু চাকিৰ পোহৰ নাইকিয়া কৰিম।
মই তোমালোকৰ উৎসৱবোৰ শোকলৈ আৰু তোমালোকৰ সকলো গান বিলাপলৈ পৰিণত কৰিম; তোমালোক সকলোৰে কঁকালত শোকবস্ত্রৰ চট পিন্ধাম, প্ৰত্যেকৰ মূৰ টকলা হ’ব; একেটি পুত্ৰৰ বিয়োগৰ শোকৰ দৰে মই সেই সময়ক শোকলৈ পৰিণত কৰিম, আৰু শেষলৈকে এই তিক্ততাৰ দিন চলি থাকিব।