বিলা 2:22ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019তুমি পৰ্ব্বদিনৰ নিচিনাকৈ চাৰিওফালৰ পৰা মোলৈ নানা ত্ৰাস মাতিলা; আৰু যিহোৱাৰ ক্ৰোধৰ দিনত ৰক্ষা পোৱা, আৱশিষ্ট কোনো নাছিল। মই নিচুকাই ডাঙৰ-দীঘল কৰা সকলক মোৰ শত্ৰুৱে সংহাৰ কৰিলে। অধ্যায়টো চাওক |
যিহোৱাই আৰু কৈছে, “তাৰ পাছত মই যিহূদাৰ ৰজা চিদিকিয়াক, তেওঁৰ পাত্ৰমন্ত্ৰীসকলক, আৰু প্ৰজাসকলক, এনে কি, মহামাৰী, তৰোৱাল আৰু আকালৰ পৰা এই নগৰত অৱশিষ্ট থকাসকলক বাবিলৰ ৰজা নবূখদনেচৰৰ, তেওঁলোকৰ শত্ৰূ, তেওঁলোকৰ প্ৰাণ বিচৰাবোৰৰ হাতত শোধাই দিম; তেওঁ তৰোৱালৰ ধাৰেৰে তাক বধ কৰিব, তেওঁলোকক কৃপা, ক্ষমা কি দয়া নকৰিব’।”