অবীমেলকে যেতিয়া শুনিলে যে লোকসকলে চিখিমৰ দুৰ্গলৈ গৈ একেলগ হৈছে,
এই খবৰ শুনি চিখিমৰ দুৰ্গৰ নেতাসকলে এল-বৰীৎ দেৱতাৰ মন্দিৰৰ ভিতৰত সোমালগৈ।
তেতিয়া তেওঁ নিজৰ লোকসকলক লগত লৈ চলমোন পৰ্ব্বতলৈ উঠি গ’ল। তেওঁ কুঠাৰ ললে আৰু গছৰ পৰা এটা ডাল কাটি নিজৰ কান্ধত তুলি ল’লে। তাৰ পাছত তেওঁৰ লগত থকা লোকসকলক আদেশ দিলে, “তোমালোকে মোক যি যি কৰা দেখিলা, তোমালোকেও শীঘ্রে তেনেকুৱা কৰিবা।”