তেতিয়া তেওঁ অবীমেলকৰ গুৰিলৈ বার্তাবাহকৰ দ্বাৰাই কৈ পঠালে, “এবদৰ পুতেক গাল আৰু তেওঁৰ জ্ঞাতি-কুতুম্বসকলে চিখিমলৈ আহি আপোনাৰ বিৰুদ্ধে নগৰৰ লোকসকলক উত্তেজিত কৰি তুলিছে।
সেই সময়ত এবদৰ পুত্ৰ গালে নিজৰ জ্ঞাতি-কুতুম্বসকলৰ সৈতে চিখিমলৈ আহিল আৰু চিখিমৰ নেতাসকলে তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিলে।
এবদৰ পুতেক গালৰ সেই কথা নগৰৰ শাসনাধিপতি জবুলৰ কাণত পৰিল আৰু তেওঁ ক্ৰোধত জ্বলি উঠিল।
সেয়ে, আপুনি আৰু আপোনাৰ সৈন্যসকলে ৰাতিতে উঠি আহি খেতিৰ মাজত লুকাই থাকিব।