Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



বিচাৰ 8:22

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত ইস্ৰায়েলৰ লোকসকলে গিদিয়োনক ক’লে, “আপুনি মিদিয়নীয়াসকলৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰিলে; এতিয়া আপুনি, আপোনাৰ পুত্র, নাতি সকলোৱে আমাৰ ওপৰত শাসন কৰক।”

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

সেই মিদিয়নীয়া ব্যৱসায়ীসকল ওচৰেদি পাৰ হোৱাত, তেওঁলোকে যোচেফক গাতৰ পৰা টানি ওপৰলৈ উঠালে আৰু বিশ চেকল ৰূপৰ বিনিময়ত যোচেফক ইশ্মায়েলীয়াসকলৰ ওচৰত বিক্রী কৰিলে। তাতে সেই ব্যৱসায়ীসকলে যোচেফক মিচৰ দেশলৈ লৈ গ’ল।

যেতিয়া যীচুৱে বুজিলে যে লোক সকলে তেওঁক জোৰ কৰি তেওঁলোকৰ ৰজা পাতিবৰ কাৰণে ধৰি নিবলৈ উদ্যত হৈছে; তেতিয়া তেওঁ আতৰি অকলে সেই পাহাৰলৈ পুণৰ উঠি গ’ল।

তেতিয়া জেবহ আৰু চলমুন্নাই গিদিয়োনক ক’লে, “আপুনিয়েই উঠি আমাক বধ কৰক! কিয়নো যি যেনে মানুহ, তাৰ শক্তিও তেনে।” তেতিয়া গিদিয়োনে উঠি জেবহ আৰু চলমুন্নাক বধ কৰিলে, আৰু তেওঁলোকৰ উটৰ ডিঙিৰ পৰা চন্দ্ৰহাৰবোৰ খুলি ল’লে।

তেতিয়া গিদিয়োনে তেওঁলোকক ক’লে, “মই বা মোৰ পুত্রই আপোনালোকৰ ওপৰত শাসন নকৰিব; যিহোৱাইহে আপোনালোকৰ ওপৰত শাসন কৰিব।”

অম্মোনৰ সন্তান সকলৰ ৰজা নাহচ যেতিয়া তোমালোকৰ অহিতে ওলাই অহা দেখিলা, তেতিয়া তোমালোকে মোক ক’লা, ‘নহয় যদিও তোমালোকৰ ঈশ্ৱৰ যিহোৱা তোমালোকৰ ৰজা আছিল, তথাপিও তোমালোকে ৰাজত্ৱ কৰিবলৈ এজন ৰজা বিচাৰিলা’।

তেওঁলোকে চমূৱেলক ক’লে, “চাওক, আপুনি বৃদ্ধ হৈছে, আৰু আপোনাৰ পুত্ৰসকল আপোনাৰ পথত চলা নাই, সেয়েহে অন্যান্য দেশৰ দৰে আমাৰো বিচাৰ কৰিবলৈ আপুনি আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰি দিয়ক।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন