Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



বিচাৰ 7:17

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাৰ পাছত গিদিয়োনে তেওঁলোকক ক’লে, আপোনালোকে মোক লক্ষ্য কৰি থাকিব আৰু মই যিহকে কৰোঁ, আপোনালোকেও তাক কৰিব। চাই থাকিব! মই যেতিয়া ছাউনিৰ কাষ পাম, মই কৰাৰ দৰেই আপোনালোকে কৰিব।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ, মোক অনুসৰণ কৰক।

মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, আপোনালোকো তেনেকৈ মোৰ অনুকাৰী হওক।

আপোনালোকৰ যি নায়ক সকলে আপোনালোকক ঈশ্বৰৰ বাক্য কৈ গ’ল, তেওঁলোকক সোঁৱৰণ কৰক; আৰু তেওঁলোকৰ জীৱন, আচৰণৰ শেষগতি চাই-চিন্তি, তেওঁলোকৰ বিশ্বাসৰ অনুকাৰী হওক।

যি সকল লোকৰ ওপৰত আপোনালোক তত্ৱাৱধায়ক, তেওঁলোকৰ ওপৰত প্ৰভুত্ৱৰে অধিকাৰ নকৰিব; কিন্তু জাকৰ আর্হি হৈ তেওঁলোকৰ তত্বাৱধান কৰক;

সেই তিনি শ লোকক তেওঁ তিনি দল কৰি ভাগ কৰিলে আৰু তেওঁলোক প্ৰতিজনৰ হাতত এটাকৈ শিঙা, এটা খালী কলহ, আৰু কলহৰ ভিতৰত এটাকৈ জ্বলন্ত জোঁৰ দিলে।

মই আৰু মোৰ সঙ্গীবোৰে শিঙা বজালে আপোনালোকেও গোটেই ছাউনিৰ চাৰিওকাষে থাকি শিঙা বজাব আৰু চিঞঁৰি চিঞঁৰি ক’ব, “যিহোৱা আৰু গিদিয়োনৰ কাৰণে!”

তেতিয়া তেওঁ নিজৰ লোকসকলক লগত লৈ চলমোন পৰ্ব্বতলৈ উঠি গ’ল। তেওঁ কুঠাৰ ললে আৰু গছৰ পৰা এটা ডাল কাটি নিজৰ কান্ধত তুলি ল’লে। তাৰ পাছত তেওঁৰ লগত থকা লোকসকলক আদেশ দিলে, “তোমালোকে মোক যি যি কৰা দেখিলা, তোমালোকেও শীঘ্রে তেনেকুৱা কৰিবা।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন