তেওঁলোকে নিজৰ পশুধন আৰু তম্বু লগত লৈ ফৰিঙৰ জাকৰ দৰে আহে; তেওঁলোকৰ লোক আৰু উট গণিব নোৱাৰাকৈ অসংখ্য আছিল; তেওঁলোকে দেশখন উচ্ছন্ন কৰিবলৈকে সোমায়।
হে যিৰূচালেমৰ ৰমণীসকল, মই ক’লা বৰণীয়া হ’লেও সুন্দৰী; মই কেদৰৰ তম্বুৰ নিচিনা ক’লা আৰু চলোমনৰ পর্দাবোৰৰ দৰে সুন্দৰী।
সেয়ে ই কেতিয়াও নিবাসস্থান নহ’ব, আৰু পুৰুষে পুৰুষে কোনেও তাত বাস নকৰিব। আৰবী লোকসকলেও তাত তম্বু নতৰিব, বা ভেৰা-ৰখীয়াসকলেও সেই ঠাইত নিজৰ জাকক নুশুৱাব।
উটসমূহে, মিদিয়ন আৰু ঐফাৰ ডেকা উটবোৰে তোমাক ঢাকি পেলাব; সেই আটাইবোৰ চিবাৰ পৰা আহিব; সেইবোৰে সোণ আৰু কুন্দুৰু বৈ আনিব, আৰু যিহোৱাৰ প্ৰশংসা গীত গাব।
যিহোৱাই কৈছে, যদিও তাইৰ কাঠনি অগম্য, তথাপি তেওঁলোকে তাক কাটি পেলাব; কিয়নো তেওঁলোক অর্থাৎ শত্রুসকল ফৰিঙৰ জাকতকৈয়ো অধিক আৰু অসংখ্য।
শত্ৰুৱে সিহঁতৰ তম্বু আৰু পশুৰ জাকবোৰ লৈ যাব, আৰু সিহঁতৰ আঁৰ কাপোৰ আদি আটাই বস্তু আৰু উটবোৰ নিজৰ নিমিত্তে নিব, আৰু সিহঁতে শত্ৰুৰ কাৰণে চিঞৰিব, সকলো ফালে ত্ৰাস।
সিহঁতৰ উটবোৰ চিকাৰৰ বস্তু যেন হ’ব, আৰু সিহঁতৰ পশুসমূহ লুট দ্ৰব্য হ’ব। আৰু কুমৰ গুৰিত ডাঢ়ি-চুলি কটা আটাইবোৰকে মই সকলো ফালে বায়ুত উড়ুৱাই দিম; আৰু যিহোৱাই কৈছে, মই সিহঁতৰ সকলো ফালৰ পৰা সিহঁতলৈ আপদ আনিম।
বাহিনীসকলৰ যিহোৱাই নিজ নাম লৈ শপত খাই ক’লে, মই অৱশ্যে ফৰিঙৰ নিচিনাকৈ মানুহেৰে তোমাক পৰিপূৰ্ণ কৰিম, আৰু সিহঁতে তোমাৰ বিৰুদ্ধে জয়-ধ্বনি কৰিব।
আপোনালোকে নজনা এটা জাতিয়ে আপোনালোকৰ ভূমিৰ শস্য আৰু আপোনালোকৰ পৰিশ্ৰমৰ সকলো ফল ভোগ কৰিব; আপোনালোকে সদায় কেৱল উপদ্ৰৱ আৰু লাঞ্চনা ভোগ কৰিব;
সেই উপত্যকাৰ মাজত মিদিয়নীয়া, অমালেকীয়া, আৰু পুব দেশীয় লোকসকলৰ ঘনবসতি ফৰিঙৰ জাকৰ দৰে আছিল। তেওঁলোকৰ উটবোৰৰ সংখ্যা গণিব নোৱাৰা সমুদ্রৰ তীৰৰ বালিৰ দৰে অগণন আছিল।
সেই সময়ত জেবহ আৰু চলমুন্না প্রায় পোন্ধৰ হাজাৰ সৈন্যৰ দল লৈ কৰ্কোৰত আছিল; পূর্বদেশৰ সৈন্যসকলৰ মাজত কেৱল এওঁলোকেই তেতিয়া অৱশিষ্ট আছিল; কিয়নো তেওঁলোকৰ তৰোৱাল ধৰা এক লাখ বিশ হাজাৰ সৈন্য হত হ’ল।
তেতিয়া জেবহ আৰু চলমুন্নাই গিদিয়োনক ক’লে, “আপুনিয়েই উঠি আমাক বধ কৰক! কিয়নো যি যেনে মানুহ, তাৰ শক্তিও তেনে।” তেতিয়া গিদিয়োনে উঠি জেবহ আৰু চলমুন্নাক বধ কৰিলে, আৰু তেওঁলোকৰ উটৰ ডিঙিৰ পৰা চন্দ্ৰহাৰবোৰ খুলি ল’লে।
তেতিয়া দায়ূদে তেওঁলোকক আক্ৰমণ কৰিলে; সন্ধিয়াৰ পৰা পাছদিনালৈকে তেওঁলোকৰ লগত যুদ্ধ কৰি তেওঁলোকক হত্যা কৰিলে। তাত চাৰি শ লোক উটত উঠি পলাই গ’ল, তেওঁলোকৰ বাহিৰে সকলো লোক নিহত হ’ল।