Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



বিচাৰ 6:20

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাতে ঈশ্বৰৰ দূতে তেওঁক ক’লে, “মাংস আৰু খমিৰ নোহাৱা পিঠা কেইটা লৈ এই শিলটোৰ ওপৰত থোৱা, আৰু জোলখিনি তাৰ ওপৰত ঢালি দিয়া।” গিদিয়োনে সেইদৰেই কৰিলে।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

তেওঁ ক’লে, “হে প্ৰভু, যদি আপোনালোকৰ দৃষ্টিত মই অনুগ্ৰহ প্ৰাপ্ত হৈছোঁ, তেন্তে আপোনালোকৰ এই দাসক এৰি পাৰ হৈ আগবাঢ়ি নাযাব।

পাছত মানোহে যিহোৱাৰ দূতক ক’লে, “আপুনি আমাৰ মিনতি গ্ৰহণ কৰি ইয়াতে অলপ সময় থাকক, আমি আপোনাৰ বাবে এটি ছাগলী পোৱালি যুগুত কৰোঁ।”

তেতিয়া যিহোৱাৰ দূতে মানোহক ক’লে, “যদিও মই ইয়াত থাকো তথাপি মই তোমাৰ আহাৰ ভোজন নকৰিম; কিন্তু তুমি যদি হোম-বলি যুগুত কৰা, তেনেহলে সেয়া যিহোৱাৰ উদ্দেশ্যেই উৎসৰ্গ কৰিবা।” কিয়নো তেওঁ যে যিহোৱাৰ দূত, সেই বিষয়ে মনোহে নাজানিছিল।

পাছত মানোহে ভক্ষ্য নৈবেদ্যেৰে সৈতে সেই ছাগলী লৈ, যিহোৱাৰ উদ্দেশ্যে শিলটোৰ ওপৰত উৎসৰ্গ কৰিলে; তাতে মনোহ আৰু তেওঁৰ পত্নিৰ চকুৰ আগতে সেই দূতে আচৰিত কার্য সাধন কৰিলে।

তেতিয়া গিদিয়োনে গৈ এটা ছাগলী পোৱালি ৰান্ধিলে আৰু এক ঐফা আটাগুৰি লৈ খমিৰ নিদিয়াকৈ কেইটামান পিঠা বনালে; তাৰ পাছত মাংসখিনি এটা খৰাহিত ভৰাই জোলখিনি পাত্ৰত লৈ ওক গছজোপাৰ তলত তেওঁক আনি দিলে।

তেতিয়া যিহোৱাৰ দূতজনৰ হাতত যি লাঠি আছিল, সেই লাঠিডালৰ আগটোৰে তেওঁ সেই মাংস আৰু খমীৰ নোহাৱা পিঠাখিনি স্পৰ্শ কৰিলে; তাতে সেই শিলৰ পৰা অগ্নি ওলাই মাংস আৰু পিঠাখিনি পুৰি পেলালে। পাছত যিহোৱাৰ দূত অদৃশ্য হৈ গ’ল; গিদিয়োনে তেওঁক পুনৰ দেখা নাপালে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন