Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



বিচাৰ 4:2

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া যিহোৱাই হাচোৰত শাসন কৰা যাবীন নামৰ এজন কনানীয়া ৰজাৰ হাতত তেওঁলোকক তুলি দিলে; তেওঁৰ সেনাপতিজনৰ নাম আছিল চীচৰা। চীচৰাই অনা-ইস্রায়েলী লোক বাস কৰা হৰোচৎ হোহোইমত বাস কৰিছিল।

অধ্যায়টো চাওক কপি কৰক

11 পৰস্পৰ সংযোগসমূহ  

তুমি মিদিয়নীয়াসকলৰ প্রতি যি কৰিছিলা, কীচোন নদীৰ পাৰত চীচৰা আৰু যাবীনৰ প্রতি যি কৰিছিলা, এওঁলোকৰ ক্ষেত্ৰতো তাকেই কৰা।

যিহোৱাই এই কথা কৈছে, “মই যি পত্ৰৰ দ্বাৰাই তোমালোকৰ মাতৃক ত্যাগ কৰিলোঁ, তোমালোকৰ মাতৃৰ সেই ত্যাগপত্ৰ ক’ত? আৰু মোৰ মহাজনসকলৰ কোনজনলৈ তোমালোকক বেচিলোঁ? চোৱা, তোমালোকৰ অপৰাধৰ বাবেহে তোমালোকক বেচা হ’ল, আৰু তোমালোকৰ বিদ্রোহৰ কাৰণেহে তোমালোকৰ মাতৃক পঠিয়াই দিয়া হ’ল।

কিন্তু পৰিশোধ কৰিবলৈও তেওঁৰ ক্ষমতা নাছিল৷ তেতিয়া ৰজা জনে এই আদেশ দিলে যে, সেই লোক জনৰ সৈতে তেওঁৰ স্ত্ৰী, ল’ৰা-ছোৱালী আৰু তেওঁৰ সৰ্ব্বস্ব বিক্ৰী কৰি যেন ঋণ পৰিশোধ কৰা হয়।

যেতিয়া হাচোৰৰ ৰজা যাবীনে ইস্ৰায়েলীসকলৰ বিজয়ৰ কথা শুনিলে, তেতিয়া তেওঁ এই বিষয়ে মাদোনৰ ৰজা যোবাব, চিম্ৰোনৰ ৰজা, অক্‌চফৰ ৰজা,

অদামা, ৰামা, হাচোৰ,

সেয়ে তেওঁলোকৰ বিৰুদ্ধে তেওঁ খঙত জ্বলি উঠিল আৰু পলেষ্টীয়া আৰু অম্মোনীয়াসকলৰ হাতত তেওঁলোকক তুলি দিলে।

চীচৰাই তেতিয়া নিজৰ নশ লোহাৰ ৰথ আৰু তেওঁৰ লগত থকা সকলো সৈন্যকে গোটাই লৈ অনা-ইস্রায়েলী জাতিৰ হৰোচৎৰ পৰা কীচোন নদীৰ পাৰলৈ আহিল।

কিন্তু বাৰাকে অনা-ইস্রায়েলীৰ হৰোচৎ পর্যন্ত তেওঁলোকৰ ৰথ আৰু সৈন্যসামন্তৰ পাছে পাছে খেদি গ’ল; চীচৰাৰ সকলো সৈন্যকে তৰোৱালেৰে আঘাত কৰি বধ কৰা হ’ল, এজন লোকো বাচি নাথাকিল।

কিন্তু তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাক পাহৰিলে; তাতে তেওঁ হাচোৰৰ সেনাপতি চীচৰাৰ, পলেষ্টীয়াসকলৰ আৰু মোৱাবৰ ৰজাৰ হাতত তেওঁলোকক বেচিলে; আৰু সিহঁতে তেওঁলোকৰ লগত যুদ্ধ কৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন