Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



বিচাৰ 3:10

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহোৱাৰ আত্মা অৎনীয়েলৰ ওপৰত স্থিতি হোৱাত তেওঁ ইস্ৰায়েলৰ বিচাৰ কৰিলে। অৎনীয়েল যেতিয়া যুদ্ধলৈ ওলাই গৈছিল, যিহোৱাই তেওঁৰ হাতত অৰামৰ ৰজা কুচন-ৰিচাথয়িমক তুলি দিলে আৰু তেওঁক জয়ী কৰিলে। অৎনীয়েলত থকা শক্তিৰ দ্বাৰাই তেওঁ কুচন-ৰিচাথয়িমক পৰাজিত কৰিলে।

অধ্যায়টো চাওক কপি কৰক

24 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত ত্ৰিশ জনৰ ওপৰত সেনাপতি হৈ থকা অমাচয়ৰ ওপৰত আত্মাই স্থিতি ল’লে। অমাচয়ে ক’লে, “হে দায়ুদ, আমি তোমাৰেই। যিচয়ৰ পুত্ৰ, আমি তোমাৰ ফলীয়া। শান্তি হওক, তোমাক যি সকলে সহায় কৰে তেওঁৰো শান্তি হওক। তোমাক সহায় কৰা সকলৰো শান্তি হওক, কিয়নো তোমাৰ ঈশ্বৰে তোমাক সহায় কৰিছে।” তেতিয়া দায়ূদে তেওঁলোকক গ্ৰহণ কৰি নিজৰ সৈন্যদলৰ সেনাপতি পাতিলে।

পাছত ওদেদ’ৰ পুত্ৰ অজৰিয়াত ঈশ্বৰৰ আত্মা স্থিতি হ’ল৷

তেতিয়া সেই সমাজৰ মাজৰ মত্তনীয়াৰ বৃদ্ধ পৰিনাতি, যিয়ীয়েলৰ পৰিনাতি বনায়াৰ নাতি, জখৰিয়ৰ পুত্ৰ জহজীয়েল নামেৰে আচফৰ বংশৰ এজন লেবীয়া লোকৰ ওপৰত যিহোৱাৰ আত্মা স্থিতি হ’ল।

তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা; তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা।

পাছত মই সেই ঠাইলৈ নামি আহি তোমাৰে সৈতে কথা হ’ম আৰু তোমাত যি আত্মা আছে, তাৰ কিছু লৈ তেওঁলোকত ৰাখিম; তাতে, তুমি যেন অকলেই লোকসকলৰ ভাৰ নোবোৱা, এইবাবে তেওঁলোকে তোমাৰ লগত লোকসকলৰ ভাৰ ব’ব।

তাতে যিহোৱাই মেঘত নামি তেওঁক কথা ক’লে আৰু যি আত্মা মোচিত আছিল, তাৰ কিছু লৈ, সেই সত্তৰজন বৃদ্ধ লোকত ৰাখিলে। তাতে সেই আত্মা তেওঁলোকত থকাত, তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিলে; কিন্তু তাৰ পাছত আৰু নকৰিলে।

তাতে মোচিয়ে তেওঁ ক’লে, “তুমি মোৰ পক্ষ হৈ ঈৰ্ষা কৰিছা নে? যিহোৱাৰ আটাইলোক ভাববাদী হোৱা হ’লে, আৰু যিহোৱাই তেওঁলোকৰ ওপৰত নিজ আত্মা থাকিবলৈ দিয়া হ’লে, মই কেনে সন্তোষ পালোঁহেঁতেন।”

বিলিয়মে নিজৰ চকু তুলি ফৈদ অনুসাৰে বাস কৰা ইস্ৰায়েলক ছাউনি পাতি থকা দেখিলে আৰু ঈশ্বৰৰ আত্মা তেওঁত স্থিতি হ’ল।

তেতিয়া যিহোৱাই মোচিক ক’লে, “মোৰ আত্মাই বাস কৰা নুনৰ পুত্ৰ যিহোচূৱাক লৈ তেওঁৰ মূৰত হাত দিয়া,

কিয়নো যি সকলে এবাৰ পোহৰ প্রাপ্ত হৈছে, তেওঁলোকেই স্বৰ্গীয় দানৰ আস্বাদ পালে আৰু পবিত্ৰ আত্মাৰ সহভাগী হ’ল৷

তেতিয়া যিহোৱাৰ আত্মা যিপ্তহৰ ওপৰত আছিল। তাতে তেওঁ গিলিয়দ আৰু মনচিৰ মাজেদি গৈ গিলিয়দৰ মিস্পালৈ আহিল আৰু তাৰ পৰা অম্মোনীয়াসকলৰ ওচৰলৈ গ’ল।

তাৰ পাছত যিপ্তহে অম্মোনিয়াসকলৰ লগত যুদ্ধ কৰিবলৈ মিস্পাৰ পৰা গ’ল আৰু যিহোৱাই তেওঁৰ হাতত অম্মোনিয়াসকলক তুলি দিলে।

প্ৰথমে যিহোৱাৰ আত্মাই চৰা আৰু ইষ্টায়োলৰ মাজ ঠাইত থকা মহনেদানত চিমচোনক কার্য্য কৰিবলৈ সক্রিয় কৰিলে।

পাছত যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হোৱাত তেওঁ অস্কিলোনলৈ নামি গল আৰু সেই ঠাইৰ ত্ৰিশজন মানুহক বধ কৰি সিহঁতৰ কাপোৰ সোলোকাই আনি সেই কাপোৰেৰে এযোৰ এযোৰ সাঁথৰৰ অৰ্থ কোৱাবোৰক দিলে; আৰু খঙত জ্বলি উঠি নিজৰ বাপেকৰ ঘৰলৈ গুচি গ’ল।

তেতিয়া যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হ’ল, তেওঁৰ হাতত একো নথকাটো, ছাগলী পোৱালি ছিৰা নিচিনাকৈ তেওঁ সেই সিংহক ছিৰি পেলালে; কিন্তু তেওঁ কি কৰিলে সেই বিষয়ে নিজৰ মাক-বাপেকক নক’লে।

পাছত তেওঁ যেতিয়া লেহী পালে তেতিয়া, পলেষ্টীয়াসকলে তেওঁক পাই বৰকৈ জয় ধ্বনি কৰিলে। তেতিয়া যিহোৱাৰ আত্মা পূর্ণ শক্তিত তেওঁৰ ওপৰত স্থিতি হোৱাত তেওঁৰ বাহুত বান্ধি ৰখা ৰচীবোৰ পুৰি যোৱা শণৰ নিচিনা হ’ল আৰু তেওঁৰ হাতৰ পৰা বন্ধন খহি পৰিল।

তাৰ পাছত চল্লিশ বছৰলৈকে দেশত শান্তি আছিল; পাছত কনজৰ পুত্র অৎনীয়েলৰ মৃত্যু হ’ল।

এই হেতুকে ইস্ৰায়েলৰ প্রতি যিহোৱাৰ ক্ৰোধ প্রজ্বলিত হ’ল আৰু তেওঁ অৰাম-নহৰয়িমৰ ৰজা কুচন-ৰিচাথয়িমৰ হাতত তেওঁলোকক তুলি দিলে। ইস্ৰায়েলৰ সন্তান সকল আঠ বছৰ কাল কুচন-ৰিচাথয়িমৰ অধীনত থাকিল।

তেতিয়া গিদিয়োনক সহায় কৰিবলৈ যিহোৱাৰ আত্মাই তেওঁত স্থিতি ল’লে; গিদিয়োনে শিঙা বজাই অবীয়েজ্ৰীয়া ফৈদৰ লোকসকলক তেওঁৰ পাছত আহিবৰ কাৰণে বাহিৰলৈ মাতিলে।

যেতিয়া তেওঁলোকে পৰ্ব্বত পালেগৈ, এদল ভাববাদীয়ে তেওঁক লগ পালে, তাতে যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হ’ল আৰু তেওঁলোকৰ মাজত তেৱোঁ ভাববাণী প্ৰচাৰ কৰিলে।

তেতিয়া যিহোৱাৰ আত্মাই তোমাত স্থিতি ল’ব; তেতিয়া তুমিও তেওঁলোকৰ লগত ভাববাণী প্ৰচাৰ কৰিবা আৰু তুমি সম্পূৰ্ণ পৰিৱৰ্তন হোৱা ব্যক্তি হ’বা।

সেই বাতৰি শুনাৰ লগে লগে ঈশ্বৰৰ আত্মাই চৌলত স্থিতি ল’লে আৰু তেওঁৰ অতিৰিক্ত খং উঠিল।

তেতিয়া চমূৱেলে তেল ভৰোৱা শিংটো ল’লে, আৰু ককায়েকসকলৰ আগত তেওঁকেই অভিষেক কৰিলে; সেই দিনাৰ পৰা যিহোৱাৰ আত্মা দায়ূদত স্থিতি হ’ল। তাৰ পাছত চমূৱেল উঠি ৰামালৈ গ’ল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন