Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



বিচাৰ 20:48

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ইস্ৰায়েলৰ সৈন্যসকল বিন্যামীনৰ লোকসকলৰ ওচৰলৈ পুনৰায় ঘূৰি আহি নগৰত থকা আটাই মানুহ আৰু পশু আদি যি যি পালে, সেই সকলোকে তৰোৱালৰ ধাৰেৰে আঘাত কৰিলে; আৰু যিমান নগৰ পোৱা গ’ল, সেই সকলোকে জুই দি পুৰি ভষ্ম কৰিলে।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

কিন্তু অমচিয়াই তেওঁৰ লগত যুদ্ধ-যাত্ৰা কৰিবলৈ নিদি ওভোটাই পঠিওৱা সৈন্যদলৰ লোকসকলে চমৰিয়াৰ পৰা বৈৎ-হোৰোণলৈকে যিহূদাৰ নগৰবোৰ আক্ৰমণ কৰিলে৷ তেওঁলোকে তিনি হাজাৰ লোকক বধ কৰিলে আৰু বহুত বস্তু লুট কৰি নিলে।

দৃঢ় নগৰ জয় কৰাতকৈ ক্ষুদ্ধ ভায়েকক জয় কৰা টান; আৰু বিবাদ দূৰ্গত লগোৱা মাৰিৰ দৰে।

কিন্তু ছশ লোকে ঘূৰি অৰণ্যৰ ৰিম্মোন শিললৈ পলাই গ’ল আৰু সেই ৰিম্মোন শিলত চাৰি মাহ থাকিল।

ইস্ৰায়েলৰ লোকসকলে মিস্পাত এই প্রতিজ্ঞা কৰিলে, “আমাৰ কোনেও বিন্যামীনৰ বংশৰ কাৰো ঘৰলৈ নিজ জীয়েকক বিয়া দিব নালাগে।”

তাতে বিন্যামীনীয়াসকলে তেনেকৈয়ে কৰিলে। ছোৱালীবোৰে যেতিয়া নাচি আছিল তেতিয়া তেওঁলোক প্রত্যেকেই বিয়া কৰিবৰ কাৰণে এগৰাকিকৈ ছোৱালী ধৰি লৈ গ’ল। তাৰ পাছত তেওঁলোকে তেওঁলোকৰ নিজৰ ঠাইলৈ উলটি গৈ নগৰ সাজি তাতে বাস কৰিবলৈ ধৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন