Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



বিচাৰ 20:15

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

বিন্যামীন বংশৰ লোকসকলে মুঠ ছাব্বিশ হাজাৰ জন সৈন্য পালে। তেওঁলোক যুদ্ধ কৰাৰ বাবে বেচ দক্ষতা থকা সৈন্যিক আছিল আৰু ইয়াৰ বাহিৰেও গিবিয়ানিবাসীৰ পৰা সাতশ নিপুণ সৈন্য পালে।

অধ্যায়টো চাওক কপি কৰক

9 পৰস্পৰ সংযোগসমূহ  

বিন্যামীন গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।

বিন্যামীন ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা পঁয়ত্ৰিশ হাজাৰ চাৰিশ আছিল।

বিন্যামীনৰ সৈন্যৰ সংখ্যা আছিল পঁয়ত্ৰিশ হাজাৰ চাৰিশ।

নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই বিন্যামীনৰ সন্তান; তেওঁলোকৰ সংখ্যা পঞ্চল্লিশ হাজাৰ ছশ জন লোক আছিল।

বৰং ইস্ৰায়েলৰ সন্তানসকলৰ লগত যুদ্ধৰ অৰ্থে ওলাই বিন্যামীনৰ সন্তানসকলে নগৰৰ পৰা আহি গিবিয়াত গোট খালে।

পাছত ইস্ৰায়েলৰ সৈন্যসকল তেওঁলোকতকৈও বেছি শক্তিশালী আছিল, তেওঁলোকে প্ৰথম দিনা যি ঠাইত সৈন্যৰ বেহু পাতিছিল আকৌ সেই ঠাইতে বেহু পাতিলে।

বিন্যামীনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহি দ্বিতীয় দিনা পুনৰাই ইস্ৰায়েলৰ সৈন্যসকলক আক্রমণ কৰি ওঠৰ হাজাৰ লোকক হত্যা কৰিলে; এই সকলো ইস্ৰায়েলী সৈন্যসকল প্ৰশিক্ষণ প্ৰাপ্ত আছিল।

যিদিনা যিহোৱাই ইস্ৰায়েলৰ সৈন্যসকলক ব্যৱহাৰ কৰি বিন্যামীনৰ সৈন্যসকলক পৰাজিত কৰিলে, সেইদিনা ইস্ৰায়েলৰ সন্তানসকলে বিন্যামীনৰ পঁচিশ হাজাৰ সৈন্যক বধ কৰিলে। এই লোকসকল তৰোৱাল ধৰাত পাকৈত প্রশিক্ষণ প্রাপ্ত সৈনিক আছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন