বিচাৰ 2:12ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019তেওঁলোকৰ ওপৰ-পিতৃসকলৰ যিহোৱা ঈশ্বৰ, যিজনাই মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিছিল, তেওঁক তেওঁলোকে ত্যাগ কৰিলে। তেওঁলোকৰ চাৰিওফালে বসবাস কৰা লোক সকলৰ বিভিন্ন দেৱ-দেবীক প্রণিপাত কৰি সেইবোৰৰ পাছত চলিবলৈ ধৰিলে। তেওঁলোকে যিহোৱাৰ ক্রোধ প্রজ্বলিত কৰি তুলিলে। অধ্যায়টো চাওক |
তেনে ভাববাদী বা সপোন দেখা লোকক প্ৰাণদণ্ড দিয়া হ’ব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, যিজনে মিচৰ দেশৰ পৰা আপোনালোকক উলিয়াই আনিলে আৰু বন্দীত্বৰ গৃহৰ পৰা আপোনালোকক মুক্ত কৰিলে, তেওঁৰেই বিৰুদ্ধে সেই লোকে উচটনি দিছে; আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি পথত চলিবলৈ আপোনালোকক আজ্ঞা দিছে, তেওঁ সেই পথৰ পৰা আপোনালোকক এফলীয়া কৰিবলৈ চেষ্টা কৰিছে; সেয়ে আপোনালোকৰ মাজৰ পৰা তেনে দুষ্টতাক লোপ কৰিব।