বিচাৰ 19:6ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019তেতিয়া তেওঁলোক দুয়োজনে একে-লগে বহি ভোজন পান কৰিলে আৰু সেই যুৱতীৰ বাপেকে ক’লে মিনতি কৰোঁ, “অনুগ্ৰহ কৰি তুমি এই ৰাতিও থাকি মন প্ৰফুল্লিত কৰা।” অধ্যায়টো চাওক |
পাছত যেতিয়া লেবীয়া জনে নিজৰ উপপত্নী আৰু দাসক লৈ গুছি যাবৰ কাৰণে প্রস্তুত হওঁতে, শহুৰেকে তেওঁক ক’লে “চোৱা দিন প্ৰায় শেষ হ’ল; বিনয় কৰোঁ, তুমি আজি ৰাতিও ইয়াতে থাকা। চোৱা, বেলি প্ৰায় লহিয়াইছে; তুমি এই ঠাইতে ৰাতি থাকি প্ৰফুল্লিত হোৱা আৰু কাইলৈ তোমালোকে নিজ ঘৰলৈ যাবৰ কাৰণে সোনকালে উঠি নিজ বাটে গুচি যাবা।”