Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



বিচাৰ 19:12

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু তাৰ গৰাকীয়ে তাক ক’লে, “যি নগৰ ইস্ৰায়েলৰ সন্তান সকলৰ নহয়, এনে ভীন্ন দেশীয় লোকৰ নগৰত আমি নোসোমাও; আমি আগবাঢ়ি গিবিয়ালৈ যাওঁহক।”

অধ্যায়টো চাওক কপি কৰক

9 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে ঠেক পথ অতিক্রম কৰিলে, আৰু গেবাত অস্থায়ীভাৱে থাকিলে। ৰামা কঁপিছে, চৌলৰ গিবিয়া পলাইছে।

তোমালোকে গিবিয়াত শিঙা বজোৱা, ৰামাত তুৰী বজোৱা। বৈৎ-আবনত যুদ্ধৰ উচ্চধ্বনি কৰি কোৱা, হে বিন্যামীন, “তোমাৰ পাছ ফালৰ শত্রুলৈ চোৱা!’

গিবিয়াৰ সময়ত যেনেকৈ আছিল, সেইদৰে ইস্রায়েলীয়াসকল ভ্রষ্টতাৰ মাজত ডুব গ’ল। ঈশ্বৰে তেওঁলোকৰ অধর্মৰ কথা সোঁৱৰণ কৰিব; তেওঁলোকৰ পাপ কার্যৰ প্ৰতিকাৰ সাধিব।

তাৰ ওপৰিও আন নগৰবোৰ হ’ল, যেনে - গিবিয়োন, ৰামা, বেৰোৎ,

চেলা, এলফ আৰু যিবুচী অৰ্থাৎ যিৰূচালেম, গিবিয়ৎ আৰু কিৰিয়ৎ৷ এই চৌধ্যখন তেওঁলোকৰ নগৰ আছিল, তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল। এই অঞ্চলবোৰত বিন্যামীনৰ নিজ নিজ বংশ অনুসাৰে উত্তৰাধিকাৰ আছিল৷

তেওঁলোক যিবুচৰ ওচৰ আহি পোৱাত দিন প্ৰায় শেষ হ’ল; তেতিয়া দাসে তেওঁৰ গৰাকীক ক’লে, “নিবেদন কৰোঁ, আহক আমি যিবুচীয়াহঁতৰ এই নগৰত সোমাই ৰাতিটো ইয়াতে থাকোঁহক।”

তেওঁ দাসক ক’লে, “আহা আমি এই অঞ্চলৰ কোনো ঠাইৰ ওচৰলৈ গৈ গিবিয়া বা ৰামাত ৰাতিটো পাৰ কৰিম।”

চৌলেও নিজৰ ঘৰ গিবিয়ালৈ গ’ল; আৰু ঈশ্বৰে যিসকলৰ হৃদয় স্পৰ্শ কৰিলে, এনে কেইজন মান শক্তিমান পুৰুষ তেওঁৰ লগত গ’ল।

চৌলে ইস্ৰায়েলৰ মাজৰ পৰা তিনি হাজাৰ সৈন্য মনোনীত কৰিলে; তাৰে দুই হাজাৰ সৈন্য মিকমচত আৰু বৈৎএল পৰ্বতত চৌলৰ লগত থাকিল, একহাজাৰ বিন্যামীন প্ৰদেশৰ গিবিয়াত যোনাথনৰ লগত থাকিল, আৰু আনসকলো লোকক তেওঁ নিজ নিজ তম্বুলৈ পঠাই দিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন