Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



বিচাৰ 15:3

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া চিমচোনে সিহঁতক ক’লে, “এইবাৰ মই পলেষ্টীয়াসকলক কোনো বিষয়ত আঘাত কৰিলেও তেওঁলোকৰ ওচৰত কোনেও মোক দোষী সাব্যস্ত কৰিব নোৱাৰে।”

অধ্যায়টো চাওক কপি কৰক

5 পৰস্পৰ সংযোগসমূহ  

তেতিয়া অবচালোমে নিজৰ দাসবোৰক ক’লে, “চোৱা, মোৰ মাটিৰ ওচৰতে যোৱাবৰ এখন শস্যক্ষেত্ৰ আছে আৰু তাত তেওঁৰ যৱধান আছে৷ তোমালোকে সেই ঠাইত গৈ তাত জুই লগাই দিয়া।” তাতে অবচালোমৰ দাসবোৰে সেই খেতিত জুই লগাই দিলে।

পাছত সপ্তম দিন হ’লত, সিহঁতে চিমচোনৰ ঘৈনীয়েকক ক’লে, “যাতে তোমাৰ গিৰীয়েৰে সাঁথৰৰ অৰ্থ আমাক কয়, এই কাৰণে তুমি তেওঁক ফুচুলাবা, নহ’লে আমি তোমাক আৰু তোমাৰ পিতৃ বংশক জুইত পুৰিম; তোমালোকে আমাক দৰিদ্ৰ কৰিবৰ অৰ্থেহে নিমন্ত্ৰণ কৰিছিলা, এনে নহয় জানো?”

কিন্তু তেওঁৰ মাক বাপেকে নাজানিলে, যে সেয়ে যিহোৱাৰ পৰা হৈছে; কাৰণ তেওঁ পলেষ্টীয়াসকলৰ বিৰুদ্ধে ছিদ্ৰ বিচাৰিছিল। সেই কালত ফিলিস্তীয়াসকলে ইস্ৰায়েলক শাসন কৰিছিল।

আৰু তাইৰ বাপেকে ক’লে, “সঁচাকৈ তুমি তাইক ঘিণ কৰিলা বুলি ভাবি, মই তাইক তোমাৰ সখীয়েৰাক দিলোঁ; তাইৰ সৰু ভনীয়েক জানো তাইতকৈ সুন্দৰী নহয়? মই নিবেদন কৰোঁ, তাইৰ সলনি তায়ে তোমাৰ পত্নী হওক, তুমি তেওঁকেই লৈ যোৱা।”

পাছত চিমচোনে গৈ তিনিশ শিয়াল ধৰি, নেজে নেজে জুঁটি দুডাল দুডাল নেজত এটা এটা আৰিয়া বান্ধিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন