Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



বিচাৰ 13:7

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু তেওঁ মোক ক’লে, ‘চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; এই হেতুকে তুমি দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা, কোনো অশুচি বস্তুও ভোজন নকৰিবা; কিয়নো সেই ল’ৰা জন্মৰে পৰা মৰণৰ দিনলৈকে ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় হ’ব’।

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

কিন্তু তেওঁলোকে ক’লে, “আমি একো দ্ৰাক্ষাৰস পান নকৰোঁ, কিয়নো আমাৰ পূৰ্বপুৰুষ ৰেখবৰ পুত্ৰ যোনাদবে আমাক এই আজ্ঞা দিছিল, ‘তোমালোকে আৰু তোমালোকৰ সন্তান সকলে কোনেও চিৰকালৈকে দ্ৰাক্ষাৰস পান নকৰিবা।

হে ইস্রায়েলবাসী, মই যে তোমালোকৰ সন্তান সকলৰ মাজৰ কোনো কোনোক ভাববাদী আৰু যুৱকসকলৰ মাজৰ কোনো কোনোক নাচৰীয় হিচাবে বাচি ললোঁ, এই কথা জানো সত্য নহয়?” যিহোৱাই ইয়াকে কৈছে।

“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘কোনো পুৰুষ বা স্ত্ৰীয়ে যেতিয়া যিহোৱাৰ উদ্দেশ্যে বিশেষ নাচৰীয়া ব্ৰত ধৰিবৰ অৰ্থে পৃথকে থাকিব,

এই হেতুকে তুমি সাৱধান হোৱা; দ্ৰাক্ষাৰস কি সুৰা পান নকৰিবা, কোনো অশুচি বস্তুকো ভোজন নকৰিবা।

তেতিয়া সেই মহিলা গৰাকীয়ে গৈ নিজ স্বামীক ক’লে ঈশ্বৰৰ এজন লোক মোৰ ওচৰলৈ আহিছিল; তেওঁৰ সৌন্দর্য ঈশ্বৰৰ দূতৰ নিচিনা, তেওঁক দেখি মই বহুত ভয় খালো, কিন্তু তেওঁ ক’ৰ পৰা আহিল, সেই বিষয়ে মই সুধিবলৈ নহ’ল আৰু তেৱোঁ নিজৰ নাম মোক নক’লে।

তেতিয়া মানোহে যিহোৱাৰ আগত বিনয় কৰি ক’লে, “হে প্ৰভু, মিনতি কৰোঁ, আপুনি পঠোৱা ঈশ্বৰৰ সেই লোকক আমাৰ ওচৰলৈ পুনৰাই আহিব দিয়ক, যি ল’ৰা জন্মিব, তালৈ আমি কি কৰিব লাগিব, তেওঁ আমাক পুনৰাই বুজাই দিয়ক।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন