যিপ্তহে ক’লে, “যোৱা।” এইবুলি তেওঁ তাইক দুমাহলৈ বিদায় দিলে; তেতিয়া তাই নিজ সখীসকলৰ সৈতে গৈ পাহাৰবোৰৰ ওপৰত নিজ কুমাৰীত্বৰ অৰ্থে বিলাপ কৰিবলৈ ধৰিলে।
হে উদ্যানবাসিনী, তোমাৰ লগৰীয়া কেইজনে তোমাৰ স্বৰ শুনিবলৈ কাণ পাতি আছে; তাক মোকো শুনিবলৈ দিয়া। প্রিয়াৰ কথা:
তাৰ পাছত তাই ক’লে, “মোৰ বাবে এটা অনুৰোধ ৰাখক। মোক দুমাহৰ বাবে অকলে থাকিবলৈ দিয়ক; মোক পাহাৰে পাহাৰে ঘূৰি মোৰ কুমাৰীত্বৰ অৰ্থে সখীবোৰেৰে সৈতে বিলাপ কৰিবলৈ দিয়ক।”
দুমাহৰ মূৰত তাই বাপেকৰ ওচৰলৈ উলটি আহিল; তাইৰ বাপেকে নিজে কৰা সঙ্কল্পৰ দৰে তাইলৈ কৰিলে; তাই কেতিয়াও কোনো পুৰুষৰ সৈতে সম্বন্ধ নকৰিলে। এই ঘটনাৰ পৰা ইস্ৰায়েলৰ মাজত এটা ৰীতি প্ৰচলিত হ’বলৈ ধৰিলে।