Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



বিচাৰ 11:23

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এইদৰে ইস্ৰায়েল জাতিৰ ঈশ্বৰ যিহোৱাই যেতিয়া নিজে ইস্ৰায়েলৰ সন্মুখত ইমোৰীয়াসকলক খেদাই পঠালে, তেন্তে এতিয়া সেই লোকসকলৰ ভূমি জানো আপুনি অধিকাৰ কৰা উচিত?

অধ্যায়টো চাওক কপি কৰক

5 পৰস্পৰ সংযোগসমূহ  

তোমাক মই তোমাৰ ভাই-ককাইসকলতকৈ অধিক দিলোঁ, মোৰ নিজ তৰোৱাল আৰু ধনুৰে ইমোৰীয়াসকলৰ পৰা যি পাহাৰ লৈছিলোঁ, সেয়া মই তোমাক বেচিকৈ দিছোঁ।”

এতিয়া চাওঁক, তেওঁলোকে উপকাৰৰ সলনি আমাৰ কেনে অপকাৰ কৰিছে; আপুনি যি উত্তৰাধীকাৰ আমাক দিলে, আপোনাৰ সেই উত্তৰাধিকাৰৰ পৰা তেওঁলোকে আমাক খেদাই দিবলৈ আহিছে৷

পাছত যিহোৱাই যে ইস্ৰায়েলৰ সন্তানসকল পাৰ নোহোৱালৈকে যৰ্দ্দনৰ পানী শুকুৱাই ৰাখিলে, এই কথা যৰ্দ্দনৰ পশ্চিম পাৰে থকা ইমোৰীয়াসকলৰ সকলো ৰজাই আৰু সমুদ্ৰৰ ওচৰত থকা কনানীয়াসকলৰ সকলো ৰজাই যেতিয়া শুনিলে, তেতিয়া তেওঁলোকৰ হৃদয় ভয়ত আতুৰ হৈ গ’ল আৰু ইস্ৰায়েলৰ সন্তানসকলৰ কাৰণে তেওঁলোকৰ পুনৰ সাহস নহ’ল।

তেওঁলোকে অৰ্ণোনৰ পৰা যব্বোক পর্যন্ত আৰু মৰুপ্রান্তৰ পৰা যৰ্দ্দনলৈকে ইমোৰীয়াসকলৰ সীমাৰ ভিতৰৰ সমগ্র অঞ্চল অধিকাৰ কৰিলে।

আপোনাৰ কমোচ দেৱতাই আপোনাক যি ভূমিৰ অধিকাৰ দিছে, আপুনি জানো তাক অধিকাৰ নকৰিব? ঠিক সেইদৰে আমাৰ ঈশ্বৰ যিহোৱাই যি ঠাইৰ অধিকাৰ আমাক দিছে, আমি সেই ঠাইকে অধিকাৰ কৰিম।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন