Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



ফিলিপীয়া 1:7

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আপোনালোক সকলোৰে বিষয়ে এনে ন্যায় ভাব ৰখা মোৰ উচিত; কাৰণ আপোনালোক মোৰ হৃদয়ত আছে৷ কিয়নো মই বন্দী অৱস্হাত থাকোতে আৰু শুভবাৰ্তাৰ পক্ষত উত্তৰ আৰু প্ৰমাণ দিয়া কথাত যি অনুগ্ৰহ পালোঁ, তাৰে আপোনালোকো সহভাগী হৈছে।

অধ্যায়টো চাওক কপি কৰক

34 পৰস্পৰ সংযোগসমূহ  

কেৱল ইয়াকে জানিছোঁ যে, বন্ধন আৰু ক্লেশে মোলৈ বাট চাই আছে বুলি পবিত্ৰ আত্মাই নগৰে নগৰে মোক সাক্ষ্য দিছে।

পাছত হাজাৰৰ সেনাপতিয়ে ওচৰলৈ আহি, তেওঁক ধৰি, দুডাল শিকলিৰে বান্ধিবলৈ আজ্ঞা দিলে; পাছত সুধিলে- “এইটো কোন আৰু কি নো কৰিলে।”

প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে।

মই যি যি কৰোঁ, সেই সকলোকেই শুভবাৰ্তাৰ কাৰণে, অৰ্থাৎ আশীৰ্বাদৰ সহভাগী হ’বলৈহে কৰোঁ।

আমাৰ হৃদয়ত লিখা আৰু সকলো মানুহে পঢ়ি জনিব পৰা সুখ্যাতিৰ পত্ৰ আপোনালোকেই হৈ আছে৷

মই আপোনালোকৰ দোষ ধৰিবলৈ এই কথা কৈছোঁ, এনে নহয়; কিয়নো আমাৰে সৈতে মৰিবলৈ আৰু জীয়াই থাকিবলৈকো আপোনালোক আমাৰ হৃদয়ত আছে বুলি আগেয়ে কৈছিলোঁ।

কিয়নো খ্ৰীষ্ট যীচুত চুন্নৎ আৰু অচুন্নতৰ একো সাৰ্থকতা নাই, কিন্তু ইয়াৰ পৰিৱৰ্তে প্ৰেমৰ যোগেদি একমাত্ৰ বিশ্বাসে কাৰ্য সাধন কৰে।

এই কাৰণে মই পৌল, আপোনালোক অনা-ইহুদী লোকৰ কাৰণে খ্রীষ্ট যীচুৰ এজন বন্দী।

এতেকে প্ৰভুত বন্দীয়াৰ যি মই; মই আপোনালোকক এই মিনতি কৰোঁ যে, ঈশ্বৰে যি আমন্ত্রণেৰে আপোনালোকক আমন্ত্রিত কৰিলে; সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰি জীৱন-যাপন কৰক।

কিয়নো মই শুভবার্তাৰ কাৰণে শিকলিৰে বন্ধা হৈও এজন ৰাজদূতৰ কাম কৰিছোঁ৷ প্ৰার্থনা কৰিব, বন্দীশালতো যিভাৱে শুভবার্তা কোৱা উচিত, মই সেইভাৱে যেন সাহসেৰে কবলৈ পাৰিম৷

এতিয়া হে ভাই সকল, আপোনালোকে এই কথা জানি লোৱাতো মই ইচ্ছা কৰোঁ যে, মোলৈ যি যি ঘটিল, সেইবোৰ শুভবাৰ্তাৰ বাবে বাধা হোৱাৰ বিপৰীতে বৃদ্ধিৰ অৰ্থেহে ঘটিল।

কাৰণ খ্ৰীষ্টত মোৰ যি বন্ধন, সেয়ে গোটেই প্ৰিটৰিয়মত আৰু আন সকলোৰে আগত প্ৰকাশিত হ’ল৷

আৰু সেয়ে খ্ৰীষ্টত থকা ভাই সকলৰ অধিক ভাগে মই বন্ধনত থকা অৱস্হাত প্ৰভুত দৃঢ় বিশ্বাস ৰাখিছে, আৰু ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে ক’বলৈ অধিক সাহস কৰিছে।

প্ৰথম দিনৰে পৰা এতিয়ালৈকে শুভবাৰ্তা ঘোষণাৰ কাৰ্যত আপোনালোকৰ সহভাগিতা থকাৰ বাবে মই ধন্যবাদ কৰোঁ৷

কিন্তু আপোনালোকে তীমথিয়ৰ পৰীক্ষাসিদ্ধ গুণৰ বিষয়ে জানে, কাৰণ তেওঁ পিতৃৰ লগত পুত্ৰ যেনে, তেনেকৈ মোৰ লগতো শুভবাৰ্তাৰ অৰ্থে সেৱাকৰ্ম কৰিলে৷

তথাপি আপোনালোক যে, মোৰ ক্লেশত সহভাগী হ’ল, সেই বিষয়ে বৰ ভাল কৰিলে।

হে ফিলিপীয়া সকল, আপোনালোকে নিজেও জানে যে শুভবাৰ্তা প্ৰচাৰ কৰাৰ আৰম্ভণিতে যেতিয়া মই মাকিদনিয়াৰ পৰা প্ৰস্থান কৰিছিলোঁ, তেতিয়া কোনো মণ্ডলীয়ে দান দিয়া বা দান লোৱাৰ কথাত, মোৰ সহভাগী নহ’ল; কেৱল আপোনালোকেহে হৈছিল;

প্ৰকৃততে, মই আপোনালোককো নিবেদন কৰোঁ, হে মোৰ সৎ বন্ধু সকল, আপোনালোকে সেই ভনী দুজনীক সহায় কৰক; কিয়নো তেখেত সকলে ক্লীমেন্ত আৰু মোৰ সহকাৰী সকলৰ সৈতে শুভবাৰ্তাৰ বাবে মোৰ সহিত প্ৰাণপণ কৰিছিল; আৰু এই লোক সকলৰ নাম জীৱন পুস্তকত লিখা আছে৷

মোৰ এই মঙ্গলবাদ, মই পৌলে, নিজ হাতেৰে লিখিলোঁ। আপোনালোকে মোৰ শিকলিৰ বন্ধন সুঁৱৰিব। আপোনালোকৰ লগত অনুগ্ৰহ থাকক।

আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব, যাতে খ্ৰীষ্টৰ যি নিগূঢ়-তত্বৰ কাৰণে অামি বন্ধ হৈ আছোঁ; সেই নিগূঢ়-তত্ব ক’বলৈ ঈশ্বৰে যেন আমাৰ বাবে বাক্যৰ দুৱাৰ মেলি দিয়ে৷

কিয়নো আপোনালোক সকলোৱেই পোহৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ।

এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অর্থে বন্দীয়াৰ হোৱা যি মই পৌল, মোৰো বিষয়ে তুমি লজ্জিত নহবা কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে, শুভবার্তাৰ কাৰণে মোৰে সৈতে ক্লেশ ভোগ কৰা,

সেই শুভবার্তাৰ সম্বন্ধে মই শিকলিৰ বন্ধনত থাকি দুষ্কর্মীৰ দৰে ক্লেশ ভোগ কৰিছোঁ। কিন্তু ঈশ্বৰৰ সেই বাক্যত হ’লে শিকলিৰ বন্ধন নাই।

শুভবাৰ্তাৰ কাৰণে হোৱা মোৰ বন্ধনত, তোমাৰ সলনি তেওঁ যেন মোৰ পৰিচৰ্যা কৰে, এই কাৰণে মই তেওঁক লগত ৰাখিব খুজিছিলোঁ৷

এই কাৰণে, হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাই সকল, আপোনালোকে যীচুলৈ মনোযোগ কৰক। তেওঁ আমি স্বীকাৰ কৰা ঈশ্বৰৰ পাঁচনি আৰু সেই মহা-পুৰোহিত।

কিন্তু খ্ৰীষ্টৰ দুখভোগৰ সহভাগী হোৱা বাবে আপোনালোকে আনন্দ কৰক, ইয়াৰ উপৰি তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা সময়ত আপোনালোকে অধিক আনন্দ আৰু উল্লাস কৰিব পাৰিব।

মই আপোনালোকৰ মাজৰ পৰিচাৰক সকলক দৃঢ় আহ্বান জনাও যে, মইয়ো সহকর্মী সকলৰ এজন পৰিচাৰক আৰু খ্ৰীষ্টৰ দুখভোগৰ এজন সাক্ষী; প্ৰকাশিত হ’বলৈ উদ্যত হোৱা গৌৰৱৰ সহভাগী৷

কিন্তু মই এইটো সঠিক বুলি ভাৱো যে, যিমান দিন মই এই তম্বুৰূপ অস্থায়ী দেহত থাকিম, সিমান দিনলৈকে এই বিষয়বোৰ সোঁৱৰাই দি আপোনালোকক জাগ্রত কৰি ৰখা মোৰ উচিত।

আমি ভাই সকলক প্ৰেম কৰাৰ কাৰণে বুজি পাওঁ যে, আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’লোঁ, ইয়াকে জানো। যি কোনোৱে প্ৰেম নকৰে, তেওঁ মৃত্যুতেই থাকে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন