প্ৰকাশিত বাক্য 3:7ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019ফিলাদেলফিয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জন পবিত্ৰ আৰু সত্য, তেওঁ এই কথা কয় যি জনে দায়ুদৰ চাবি ধাৰণ কৰি আছে, যি জনে মেলিলে কোনেও বন্ধ নকৰিব আৰু বন্ধ কৰিলে কোনেও নেমেলিব। অধ্যায়টো চাওক |
ইস্রায়েলৰ মুক্তিদাতা, তেওঁলোকৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, যাক মানুহে হেয়জ্ঞান কৰে, যাক দেশৰ লোকে ঘিণ কৰে, যি জনা অধিপতিসকলৰ দাস: কাৰণ বিশ্বাসীযোগ্য যিহোৱাই, তাৰ ওপৰিও ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাক মনোনীত কৰিলে। তেওঁৰেই বাবে ৰজাসকলে তোমাক দেখিলে উঠিব, আৰু অধিপতিসকলে তোমাক দেখিলে প্ৰণিপাত কৰিব।