পাছত মই সুৰ্য্যত থিয় হোৱা এজন দূত দেখিলোঁ; তেওঁৰ মুৰৰ ওপৰত আকাশত উড়ি ফুৰা সকলো পক্ষীক বৰ মাতেৰে ৰিঙিয়াই ক’লে, “আহা, তোমালোকে ঈশ্ৱৰৰ ভোজনৰ বাবে একলগ হোৱা৷
কিন্তু মই অৰিয়েলক অৱৰোধ কৰিম; আৰু তেওঁ শোক আৰু বিলাপ কৰিব, আৰু তেওঁ মোৰ পক্ষে অৰীয়েলৰ দৰে হ’ব।
পথাৰৰ সকলো বনৰীয়া জন্তুবোৰ, অৰন্যত থকা জন্তুবোৰ, আহা আৰু গ্রাস কৰ!
মোৰ আধিপত্য মোৰ কাৰণে ফুটুকা-ফুটুকী চৰাইৰ নিচিনা নহয় নে? তাৰ চাৰিওফালে চিকাৰী চৰাইবোৰ নাই নে? তোমালোকে যোৱা, মোৰ আদিপত্য ভোজন কৰিবলৈ বনৰীয়া পশু আটাইবোৰ গোটাই আনাগৈ।
পৰি থকা সেই গছডালত আকাশৰ আটাই পক্ষীবোৰে তাত বাস কৰিছে, আৰু তাৰ শাখাৰ ওপৰত আটাই বনৰীয়া জন্তু বহি আছে।
পাছত আকাশৰ মাজত আন এজন স্বৰ্গৰ দূতক উড়ি ফুৰা দেখিলোঁ; তেওঁ পৃথিৱীত বসতি কৰা লোক সকলৰ ওচৰত, পৃথিৱীৰ সকলো জাতি, ফৈদ, ভাষা আৰু সাধাৰণ লোক সকলৰ আগত প্ৰচাৰ কৰিবলৈ তেওঁৰ লগত অনন্তকলীয়া শুভবাৰ্তা আছিল৷
আৰু অৱশিষ্ট সকলক সেই ঘোঁৰাত উঠা জনৰ মুখৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই বধ কৰা হ’ল; আৰু সকলো চৰাইবোৰ সিহঁতৰ মঙহেৰে তৃপ্ত হ’ল।
পাছত মই চাওতে চাওতে, এটা ঈগল পক্ষীয়ে আকাশৰ মাজত উৰি উৰি বৰ মাতেৰে এই কথা কোৱা শুনিলোঁ, “যি তিনি জন দূতে তূৰী বজাবলৈ উদ্যত আছে, তেওঁলোকৰ সেই অৱশিষ্ট তূৰী-ধ্বনীত পৃথিৱীত বাস কৰা লোক সকলৰ সন্তাপ, সন্তাপ, সন্তাপ হ’ব”।
পলেষ্টীয়াজনে দায়ূদক ক’লে, “তই মোৰ ওচৰলৈ আহ; মই তোৰ মাংস আকাশৰ চৰাইবোৰক আৰু মাটিৰ পশুবোৰক দিওঁ।”