পাছত মই বেদিয়ে এই কথা কোৱা শুনিলোঁ, “হয়, হে সকলোৰে ওপৰত শাসন কৰা প্ৰভু পৰমেশ্বৰ, তোমাৰ বিচাৰ-আজ্ঞাবোৰ সত্য আৰু ন্যায়।”
তাৰ পাছত সেই চিৰাফসকলৰ মাজৰ এজনে যজ্ঞবেদিৰ পৰা চেপেনাৰে এটুকুৰা জ্বলি থকা আঙঠা হাতত লৈ মোৰ ওচৰলৈ উড়ি আহিল।
আৰু যিহোৱাই শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক কৈছিল, “তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজলৈ, কৰূব কেইজনৰ তললৈ গৈ তেওঁলোকৰ মাজৰ পৰা অঞ্জলী ভৰাই জুইৰ আঙঠা লৈ নগৰখনত সেইবোৰ সিচঁৰিত কৰি পেলোৱা।” তেতিয়া সেই পুৰুষজন মই লক্ষ্য কৰি থাকোতেই তাত সোমাল।
তেতিয়া কৰূবজনে কৰূব কেইজনৰ মাজৰ পৰা তেওঁলোকৰ মাজত থকা জুইলৈ হাত মেলি তাৰ কিছু লৈ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনৰ হাতত দিলে। তেওঁ সেইখিনি লৈ ওলাই আহিল।
প্ৰভু পৰমেশ্বৰে কৈছে - “মই আলফা আৰু ওমেগা”, “যি জন আছে, যি জন আছিল আৰু যি জন আহিব, সেই সৰ্বশক্তিমান৷”
কোনোৱে যদি বন্দী অৱস্থাৰ কাৰণে হয়, তেওঁ বন্দী অৱস্থালৈ যাব৷ কোনোৱে যদি তৰোৱালেৰে বধ কৰে, তেৱোঁ তৰোৱালেৰে হত হ’ব লাগিব। ইয়াত পবিত্ৰ লোক সকলৰ ধৈৰ্য আৰু বিশ্বাস আছে।
তেনেহলে ঈশ্বৰৰ কোপৰ পান-পাত্ৰত যি ক্ৰোধৰূপ দ্ৰাক্ষাৰস মিহলি নোহোৱাকৈ যুগুতাই ৰখা হৈছে, তাক তেওঁ পান কৰিব লাগিব৷ যি ব্যক্তিয়ে সেই পান কৰিব, তেওঁ পবিত্ৰ স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সাক্ষাতে আৰু সেই মেৰ-পোৱালিৰ সাক্ষাতে জুই আৰু গন্ধকত যাতনা পাব৷
পাছত আন এজন স্বৰ্গৰ দূত যজ্ঞবেদিৰ পৰা ওলাল, জুইৰ ওপৰত তেওঁক ক্ষমতা হৈছিল৷ তেওঁ সেই চোকা কাচি লোৱা জনক বৰ মাতেৰে ৰিঙিয়াই ক’লে, “তোমাৰ চোকা কাচি লগাই পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোকবোৰ কাটি গোটোৱা; কিয়নো তাৰ গুটি ভালকৈ পকিল।”
তেওঁৰ সকলো সোধ-বিচাৰ, সত্য আৰু ন্যায়; তেওঁ সেই মহা-বেশ্যাৰ বিচাৰ কৰিলে সেই বেশ্যাই নিজৰ বেশ্যা-কৰ্মৰ দ্বাৰা পৃথিৱী ভ্ৰষ্ট কৰিছিল৷ যি ৰক্তপাত তাইয়ে বোৱাইছিল, তেওঁ নিজৰ সেই দাস সকলৰ ৰক্তপাতৰ প্ৰতিশোধ ল’লে, ৷”
যেতিয়া মেৰ-পোৱালিটোৱে পঞ্চম ছাব মেলিলে, তেতিয়া সেই স্বৰ্গীয় বেদিৰ তলত, যি লোক সকল ঈশ্বৰৰ বাক্য আৰু নিজে পোৱা সাক্ষ্যৰ কাৰণে হত হৈছিল, তেওঁলোকৰ জীৱাত্মা দেখিলোঁ।