Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



প্ৰকাশিত বাক্য 14:16

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া মেঘত বহি থকা জনে পৃথিৱীত কাচি লগালে; তাতে পৃথিৱীৰ শস্য দোৱা হ’ল।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।”

পাছত মই চাই বগা মেঘ আৰু তাৰ ওপৰত মানুহৰ পুত্ৰৰ নিচিনা এজনক বহি থকা দেখিলোঁ৷ তেওঁৰ মূৰত সোণৰ কিৰীটি আৰু হাতত চোকা কাচি আছিল।

পাছত মন্দিৰৰ পৰা আন এজন স্বৰ্গৰ দূত ওলাই, মেঘত বহি থকা জনক বৰকৈ ৰিঙিয়াই ক’লে, “তোমাৰ কাচি লগাই শস্য দোৱা৷ কিয়নো দাবৰ সময় হ’ল; কাৰণ পৃথিৱীত শস্য পকি খৰখৰীয়া হ’ল৷”

পাছত স্বৰ্গত থকা মন্দিৰৰ পৰা আন এজন স্বৰ্গৰ দূত ওলাল; তেওঁৰ হাততো এখন চোকা কাচি আছিল।

তাতে সেই স্বৰ্গৰ দূতে পৃথিৱীত নিজৰ কাচি লগাই, পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোপাবোৰ কাটি গোটাই, ঈশ্বৰৰ ক্ৰোধৰূপ মহা পেৰাশালত পেলাই দিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন