প্ৰকাশিত বাক্য 13:12ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019সি এই প্ৰথম পশুটোৰ সকলো অধিকাৰ, প্ৰথম পশুটোৰ উপস্থিতে পালন কৰে আৰু যি প্ৰথম পশুৰ মৃত্যুজনক ঘা সুস্থ কৰা হ’ল, সেই পশুক পৃথিৱী আৰু তাত নিবাস কৰা সকলোকে প্ৰণিপাত কৰিবলৈ বাধ্য কৰালে। অধ্যায়টো চাওক |
তুমি যি পশুক দেখিলা, সি আছিল, কিন্তু সম্প্ৰতি নাই; সি অগাধ ঠাইৰ পৰা উঠি পাছত বিনাশৰ ঠাইলৈ যাবৰ বাবে উদ্যত হৈছে; আৰু জগত স্থাপনৰে পৰা জীৱন পুস্তকত যি সকলৰ নাম লিখা নাই, এনে পৃথিৱী নিবাসী সকলে যেতিয়া সেই পশুক দেখিব, তেতিয়া যিটো আছিল, সম্প্ৰতি নাই কিন্তু উপস্থিত হ’বলগীয়া, সেইটোক দেখি তেওঁলোকে বিস্ময় মানিব।
পাছত মই কেইখন মান সিংহাসন দেখিলোঁ৷ সেইবোৰৰ ওপৰত যি লোক সকল বহি আছিল, তেওঁলোকক সোধ-বিচাৰৰ ভাৰ দিয়া হ’ল; আৰু মই সেই লোক সকলৰ জীৱাত্মা দেখিলোঁ; যি সকলক যীচুৰ সাক্ষ্যৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে মুৰ ছেদন কৰা হৈছিল আৰু যি সকলে সেই পশু বা তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা নাছিল আৰু নিজৰ কপালত আৰু হাতত তাৰ ছাব লোৱা নাছিল, তেওঁলোকে জীৱিত হ’ল আৰু এহেজাৰ বছৰ খ্ৰীষ্টৰ সৈতে ৰাজত্ব কৰিলে।