তোমালোকে মোলকৰ তম্বু আৰু ৰিফন দেৱতাৰ তৰাৰ মূর্তিবোৰ পূজা কৰিবলৈ সাজিলা, আৰু সেইবোৰকহে তোমালোকে গ্রহণ কৰিলা। সেয়েহে মই তোমালোকক বাবিল দেশৰ ফালে লৈ যাম।”
সেই সময়ত চলোমনে যিৰূচালেমৰ পূৱ দিশে থকা পৰ্বতত মোৱাবৰ ঘিণলগীয়া দেৱতা কমোচ আৰু অম্মোনৰ সন্তান সকলৰ ঘিণলগীয়া দেৱতা মোলকৰ কাৰণে এখন পবিত্ৰ ঠাই নিৰ্মাণ কৰিছিল।
হোচেয়াৰ ৰাজত্বৰ নৱম বছৰৰ সময়ত অচূৰৰ ৰজাই চমৰিয়া দখল কৰিলে আৰু ইস্ৰায়েলীয়াসকলক বন্দী কৰি অচূৰ দেশলৈ লৈ গ’ল। তেওঁলোকক তেওঁ হলহত, গোজনৰ নদী হাবোৰৰ পাৰত আৰু মাদীয়াসকলৰ নগৰবোৰত বাস কৰিবলৈ দিলে।
অচূৰৰ ৰজাই ইস্ৰায়েলী লোকসকলক বন্দী কৰি অচূৰ দেশলৈ লৈ গ’ল আৰু হলহ, হাবোৰ নদীৰ পাৰৰ গোজন এলেকা আৰু মাদীয়াসকলৰ নগৰবোৰত তেওঁলোকক বাস কৰিবলৈ দিলে।
তেওঁ নিজৰ পুত্রক হোমবলি দি অগ্নিত আহুতি দিছিল; তেওঁ মঙ্গল চোৱা কার্য আৰু মায়াকর্মৰ অভ্যাস কৰিছিল। তেওঁ ভূত পোহা আৰু মৃত আত্মাবোৰৰ সৈতে কথোপকথন কৰাসকলৰ পৰা পৰামর্শ লৈছিল। যিহোৱাৰ দৃষ্টিত এইদৰে অনেক বেয়া কার্য কৰি তেওঁ ঈশ্বৰক ক্রোধাম্বিত কৰিছিল।
তাৰ পাছত তেওঁলোকে হিন্নোমৰ পুত্রৰ উপত্যকাত থকা বালৰ পবিত্র ঠাইবোৰ সাজিলে যাতে তেওঁলোকে মোলকৰ উদ্দেশ্যে নিজ নিজ পো-জীবোৰক বলি দিব পাৰে যি বিষয়ে সেই ঘিণলগীয়া কাৰ্য কৰিবৰ কাৰণে মই আজ্ঞা কৰা নাছিলোঁ, আৰু মোৰ মনত উদয়ো হোৱা নাছিল। এইদৰে কাৰ্য কৰি তেওঁলোকে যিহূদাক পাপ কৰালে।
তোমাৰ সন্তানৰ কাকো মোলক দেৱতাৰ উদ্দেশ্যে অগ্নিৰ মাজেদি গমণ কৰাই, তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা; মই যিহোৱা।
হে ইস্ৰায়েল-বংশ, মৰুপ্রান্তৰত চল্লিশ বছৰ তোমালোকে মোৰ উদ্দেশ্যে জানো কোনো বলি আৰু নৈবেদ্য আনিছিলা?