আপোনালোক সেই ভাববাদী সকলৰ সন্তান আৰু আপোনালোকৰ পূর্বপুৰুষ সকলৰ সৈতে ঈশ্বৰে কৰা সেই বিধানৰ উত্তৰাধিকাৰী; তেওঁ অব্রাহামক কৈছিল “তোমাৰ বংশত পৃথিৱীৰ সকলো জাতিয়ে আশীৰ্বাদ পাব।”
যিসকলে তোমাক আশীৰ্ব্বাদ কৰে, মই তেওঁলোকক আশীৰ্ব্বাদ কৰিম আৰু যিসকলে তোমাক শাও দিয়ে, মই তেওঁলোকক শাও দিম। তোমাৰ দ্বাৰায়েই পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্ব্বাদ পাব।”
ঈশ্বৰে ক’লে, “নহয়, তোমাৰ ভাৰ্যা চাৰাই তোমালৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম ইচহাক [হাঁহি] ৰাখিবা; মই চিৰকালৰ এক বিধিৰূপে ইচহাক আৰু তেওঁৰ ভাবী-বংশৰ লোকসকলৰ সৈতে মোৰ বিধি স্থাপন কৰিম।
অৱশ্যেই অব্ৰাহামৰ পৰা এক মহান আৰু পৰাক্ৰমী জাতি হ’ব। তেওঁতেই পৃথিৱীৰ সমুদায় জাতিবোৰ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
গতিকে সেই পুৰুষৰ ভাৰ্যাক এতিয়া ওভটাই দিয়া; কিয়নো সেই লোকজন এজন ভাববাদী। তেওঁ তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিব আৰু তুমি জীবা। কিন্তু যদি তেওঁক উভটাই নিদিয়া, তেন্তে ইয়াকে জানিবা যে তুমি আৰু তোমাৰ লোকসকলৰ সকলোৰে অৱশ্যেই মৃত্যু হ’ব।”
তোমাৰ বংশৰ যোগেদিয়েই পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব; তুমি মোৰ কথা পালন কৰিলা বাবেই তেনে হ’ব।”
মই আকাশৰ তৰাবোৰৰ দৰে তোমাৰ বংশ বঢ়াই, তোমাৰ বংশক এই সকলো দেশ দিম; আৰু তোমাৰ বংশতে পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব;
তোমাৰ বংশ পৃথিৱীৰ ধুলিৰ নিচিনা অসংখ্য হ’ব; তুমি পূৱ, পশ্চিম, উত্তৰ আৰু দক্ষিণলৈ বিস্তাৰিত হৈ যাবা; পৃথিৱীৰ সমুদায় জাতি, তোমাৰ আৰু তোমাৰ বংশতে আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
তেওঁ অব্ৰাহামৰ লগত স্থাপন কৰা নিয়ম, আৰু ইচহাকলৈ কৰা শপত তোমালোকে সোঁৱৰণ কৰা।
আৰু এইদৰে তেওঁ যাকোবৰ বাবে এটা বিধান স্থিৰ কৰিলে, আৰু ইস্ৰায়েলৰ কাৰণে এটা অনন্তকাল স্থায়ী নিয়ম স্থিৰ কৰিলে।
আপোনাৰ সাক্ষাতে তেওঁৰ মন বিশ্বাস যোগ্য পাই, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, যিবুচীয়া, আৰু গিৰ্গাচীয়া, এই কনানীয়া লোকসকলৰ দেশ তেওঁৰ বংশক দিবলৈ তেওঁৰ লগত এটি নিয়ম স্থাপন কৰিলে। আপুনি নিজৰ প্রতিজ্ঞা স্থিৰ কৰিলে কাৰণ আপুনি ধৰ্মপৰায়ণ ঈশ্ৱৰ।
পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব; আন জাতিবোৰৰ সকলো ফৈদে তেওঁক প্ৰণিপাত কৰিব।
হে জাতিবোৰৰ ফৈদ সমূহ, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, যিহোৱাৰেই গৌৰৱ আৰু পৰাক্রম কীৰ্ত্তন কৰা।
তেওঁ আমাৰ পূর্বপুৰুষ সকলৰ প্রতি দয়া দেখুৱাব আৰু তেওঁৰ পবিত্র বিধান সোঁৱৰণ কৰাব;
হে ভাই সকল, হে অব্ৰাহামৰ বংশৰ সন্তান সকল আৰু আপোনালোকৰ মাজৰ ঈশ্বৰ ভয়কাৰী সকল, আমালৈ এই পৰিত্রাণৰ বাক্য পঠোৱা হৈছে৷
কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তান সকললৈ আৰু দূৰৈত থকা লোক সকলৰ কাৰণেও এই প্ৰতিজ্ঞা আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব।
কিয়নো মই কওঁ, ওপৰ-পুৰুষ সকলক দিয়া প্ৰতিজ্ঞাবোৰ নিশ্চিত কৰিবলৈ আৰু ঈশ্বৰৰ সত্যতাৰ পক্ষে খ্ৰীষ্টক চুন্নৎ হোৱা সকলৰ পৰিচাৰক কৰা হ’ল।
কিয়নো সেই প্ৰতিজ্ঞা অব্ৰাহাম বা তেওঁৰ বংশলৈ কৰা হৈছিল যে, তেওঁ জগতৰ উত্তৰাধিকাৰী হ’ব, সেয়ে বিধানৰ দ্বাৰাই নহয়, কিন্তু তেওঁৰ বিশ্বাসৰ ধাৰ্মিকতাৰ দ্বাৰাইহে হৈছিল৷
ঈশ্বৰে অব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞাবোৰ কৰিছিল। ইয়াত বহু বচনত “বংশবোৰলৈ” বুলি অনেকৰ বিষয়ে কোৱা নাই, কিন্তু কেৱল এজনকহে “তোমাৰ বংশলৈ” বুলি ক’লে; সেই বংশ খ্রীষ্ট।
আপোনালোক যদি খ্ৰীষ্টৰ হয়, তেনেহলে আপোনালোক অব্ৰাহামৰ বংশধৰও হৈছে আৰু অব্রাহামৰ ওচৰত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল, আপোনালোক তাৰ উত্তৰাধিকাৰীও হৈছে।
ধৰ্মশাস্ত্ৰত এই বিষয়ে পূর্বেই লিখা আছিল যে, ঈশ্বৰে অনা-ইহুদী সকলক বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত কৰে। অব্রাহামৰ ওচৰত এই শুভবার্তা আগেয়ে ঘোষণা কৰা হৈছিল, “সকলো জাতিয়ে তোমাৰ মাধ্যমত আশীৰ্বাদ প্রাপ্ত হ’ব।”
পাছত আকাশৰ মাজত আন এজন স্বৰ্গৰ দূতক উড়ি ফুৰা দেখিলোঁ; তেওঁ পৃথিৱীত বসতি কৰা লোক সকলৰ ওচৰত, পৃথিৱীৰ সকলো জাতি, ফৈদ, ভাষা আৰু সাধাৰণ লোক সকলৰ আগত প্ৰচাৰ কৰিবলৈ তেওঁৰ লগত অনন্তকলীয়া শুভবাৰ্তা আছিল৷
আৰু তেখেত সকলে এটি নতুন গীত গালে: “নুৰাটো ল’বলৈ আৰু তাৰ ছাব মেলিবলৈ আপুনি যোগ্য৷ কিয়নো আপুনি হত হ’ল আৰু আপোনাৰ তেজৰ সৈতে আপুনি ঈশ্বৰৰ কাৰণে সেই সকলো জাতিবোৰৰ মাজৰ পৰা প্ৰতিটো ফৈদ, ভাষা, মানুহ আৰু জাতিক কিনিলে ৷
এইবোৰৰ পাছত মই চাই দেখিলোঁ যে, কোনেও গণিব নোৱোৰা এক বৰ লোক সকল, য’ত সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধি আৰু হাতত খেজুৰ পাত লৈ সেই সিংহাসন আৰু মেৰ-পোৱালি জনৰ আগত থিয় হৈ আছিল;