Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



পাঁচনি 28:21

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আমি তোমাৰ বিষয়ে যিহুদীয়াৰ পৰা কোনো পত্ৰকে পোৱা নাই আৰু ভাই সকলৰ মাজৰ পৰাও কোনো ইয়ালৈ আহি তোমাৰ বিষয়ে দুষ্কর্মৰ খবৰ দিয়া নাই বা কোৱা নাই৷

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

কিন্তু যিহোৱাই যে মিচৰীয়া আৰু ইস্ৰায়েলী লোকসকলৰ মাজত প্ৰভেদ কৰে, ইয়াক যেন আপোনালোকে জানিব পাৰে, সেই বাবে ইস্ৰায়েলী লোকসকল হওক বা তেওঁলোকৰ পশুৱেই হওক, তেওঁলোকৰ অহিতে এটা কুকুৰেও নুভুকিব।’

চোৱা, যিসকলে তোমাৰ বিৰুদ্ধে ক্রোধ কৰিছে, সেই সকলোৱে লাজ পাই বিবৰ্ণ হ’ব; যিসকলে তোমাক প্রতিবাদ কৰে, তেওঁলোক একো নোহোৱা যেন হ’ব, আৰু বিনষ্ট হ’ব;

যি জনে মোক ন্যায্য বুলি প্রমান কৰিলে যিহোৱা মোৰ ওচৰত আছে; কোনে মোৰ বিৰোধিতা কৰিব? আহাঁ আমি থিয় হওঁ আৰু ইজনে সিজনৰ সন্মুখীন হ’ও। মোক দোষাৰোপ কৰা জন কোন? তেওঁক মোৰ ওচৰলৈ আহিব দিয়া।

তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাফল নহ’ব; আৰু তোমালোকক দোষাৰোপ কৰা প্রতিজনকে তোমালোকে দোষাৰোপ কৰিবা। যিহোৱাৰ দাস সকলৰ এয়ে জন্ম স্বত্ত্ব, আৰু তেওঁলোকে মোৰ পৰা পোৱা সমর্থন” এয়াই যিহোৱাৰ ঘোষনা।

এই বিষয়ে মহা-পুৰোহিত আৰু পৰিচাৰক সকলৰ সমাজ খনো মোৰ সাক্ষী আছে৷ তেখেত সকলৰ পৰাই পত্ৰ লৈ, দম্মেচকত যি সকল এই পথৰ ভাই আছিল, সেই লোকসকলক দণ্ড দি বান্ধি যিৰূচালেমলৈ আনিবৰ কাৰণে তালৈ যাত্ৰাও কৰিছিলোঁ৷

তাত কেইবাজনো ভাই পালোঁ, তেওঁলোকে আমাক সাত দিন থাকিবলৈ নিমন্ত্ৰণ দিলে; এইদৰে আমি ৰোমলৈ যাত্ৰা কৰিলোঁ৷

হে ভাই সকল মই জানিছোঁ, আপোনালোকৰ শাসনকৰ্তা সকলে আৰু আপোনালোকে নুবুজিয়ে সেই কৰ্ম কৰিলে।

কিয়নো যি সকল শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয়, মোৰ সেই ভাই সকলৰ কাৰণে মই নিজেই খ্ৰীষ্টৰ পৰা শাপগ্ৰস্ত হ’বলৈ ইচ্ছা কৰিব পাৰিলোহেঁতেন।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন