Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



পাঁচনি 27:43

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু এশৰ সেনাপতিয়ে পৌলক ৰক্ষা কৰাৰ মনেৰে নিজে সেনা সকলৰ উদ্দেশ্যৰ পৰা তেওঁলোকক নিষেধ কৰি, এই আজ্ঞা দিলে যে, ‘যিবোৰে সাঁতুৰিব জানে, সেইবোৰে যেন আগেয়ে জাঁপ মাৰি সাঁতুৰি বামলৈ যাওক’;

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

যেতিয়া কোনো লোকৰ আচৰণে যিহোৱাক সন্তুষ্ট কৰে, তেতিয়া তেওঁ সেই জনৰ শত্রুসকলকো তেওঁৰ লগত শান্তিত থাকিব দিয়ে।

তেতিয়া অতিশয় বিবাদ হ’ল, তেওঁলোকে পৌলক ডোখৰ ডোখৰ কৰিব বুলি হাজাৰৰ সেনাপতিয়ে ভয় কৰি, সেনাবোৰক নামি গৈ তেওঁলোকৰ মাজৰ পৰা তেওঁক বলেৰে কাঢ়ি দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে৷

আৰু পৌলক নিৰাপদে ফীলিক্স দেশাধিপতিৰ ওচৰলৈ বহুৱাই লৈ যোৱা বাহনো যুগুত কৰিবলৈ তেওঁলোকক আজ্ঞা দিলে।

কিন্তু এশৰ সেনাপতিয়ে পৌলে কোৱা কথাতকৈ জাহাজৰ পথ নির্মাণ কৰা লোক জনৰ আৰু জাহাজৰ গৰাকীৰ কথাতহে বেছি গুৰুত্ৱ দিলে৷

পাছদিনা আমি চীদোন নগৰৰ পাৰত নামিলো৷

পৌলে এশৰ সেনাপতি আৰু সেনাবোৰক ক’লে, “যদিহে এইবোৰ মানুহ জাহাজত নাথাকে তেনেহলে আপোনালোকেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব৷”

সেনা সকলে বন্দীবোৰ সাঁতুৰি পলায় বুলি ভাবি তেওঁলোকে সেই বন্দী সকলক বধ কৰাৰ আচনি কৰিছিল;

তিনি বাৰ বেতৰ কোব খাইছিলোঁ, এবাৰ শিলৰ দলি খাইছিলোঁ, তিনি বাৰ জাহাজ ভগাৰ দুখ পালোঁ, অগাধ জলত এদিন এৰাতি থাকিলোঁ;




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন